Friday, September 16, 2022

সপোন

মূলঃ পাশ (অৱতাৰ সিং সন্ধু)
অনুবাদঃ বিতোপন গগৈ

সপোন সকলোৱে নেদেখে
প্ৰাণহীন বাৰুদৰ অণুবোৰত
শুই থকা জুইয়ে সপোন নেদেখে
বেয়াৰ বাবে দঙা হাতত বিৰিঙি উঠা
ঘামবোৰে সপোন নেদেখে
চেল্ফত পৰি থকা ইতিহাসৰ কিতাপবোৰে
সপোন নেদেখে।

সপোন দেখিবৰ বাবে অপৰিহাৰ্য
এখন সহনশীল হৃদয় থকাতো
সপোন দেখিবৰ বাবে
নিদ্ৰাৰ চকু থকাতো অপৰিহাৰ্য
সেয়ে সকলোৱে সপোন নেদেখে।

৯ ছেপ্তেম্বৰ, ২০২২

আজি আন্তৰ্জাতিক খিলঞ্জীয়া/আদিবাসী দিৱসৰ কবিতাঃ আদিবাসী

মূলঃ লিমা টুটি
অনুবাদঃ বিতোপন গগৈ

তোমালোকে আমাক জংঘলী বুলি ক'লা
তোমালোকে আমাক অসভ্য বুলি ক'লা
তোমালোকে আমাক বুৰ্বক আৰু
জানোৱাৰ বুলিও ক'লা

আৰু আমি
হাঁহি থাকিলো

আৰু আমি হাঁহি হাঁহি
ৰক্ষা কৰি থাকিলো
নদী, অৰণ্য, সেউজীয়া
ৰক্ষা কৰি থাকিলো
চৰাই, জন্তু আৰু সিহঁতৰ ঘৰ

ৰক্ষা কৰি থাকিলো
সংগীত, সংস্কৃতি আৰু কলা      
         
আৰু ৰক্ষা কৰি থাকিলো
পাহাৰৰ এইপাৰে
এখন কোমল, আৰ্দ্ৰ, উৰ্বৰ পৃথিৱী 

আমি ৰক্ষা কৰিলো 
মানুহৰ সহজতা, সৰলতা, নিৰ্মলতা

আৰু তোমালোকে
আমি ৰক্ষা কৰি থকা
বস্তুবোৰৰ ফটো তুলি
বিশ্বক জনালা
"প্ৰকৃতিৰ মহত্ব"!

৯ আগষ্ট, ২০২২
#Internationaldayofidigenouspeoples

আন্তৰ্জাতিক খিলঞ্জীয়া/আদিবাসী দিৱসৰ কবিতাঃ মই আদিবাসী

মূলঃ ডº বিক্ৰম চৌধুৰী
অনুবাদঃ বিতোপন গগৈ

মই পৃথিৱীৰ প্ৰথম মানুহ
মই কোনো ঋষিৰ অবৈধ সন্তান নহয়
নহয় মহাভাৰতৰ যুদ্ধৰ
কোনো পলৰীয়া বিধবাৰ পুতেক
বৰং ময়েই সকলোৰে পূৰ্বপুৰুষ

মই আদিবাসী

মই বুৰ্বক নহয়
নহয় মই অনাক্ষৰ
প্ৰকৃতিৰ ভাষা 
একমাত্ৰ ময়েই বুজি পাওঁ

মই আদিবাসী

মই মুছলমানৰ অত্যাচাৰত অৰণ্যলৈ নাই পলোৱা
নাই পলোৱা ধৰ্ম পৰিবৰ্তনৰ ভয়ত পাহাৰলৈ
বৰং নিঃস্বাৰ্থ ভাৱে নিজৰ ধনু-কাড়ৰ শক্তিৰে
প্ৰতাপ-শিৱাজীক ৰাজ্য দিওঁতা মই

মই আদিবাসী

মই ইংৰাজৰ চামচাগিৰী নাই কৰা
নহয় মই জালিয়ানৱালাবাগত
আপোন মানুহৰ ওপৰত গুলি চলাওঁতা
বৰং চাওতালৰ পাহাৰৰ পৰা মোৰ কাড়েৰে
ইংৰাজৰ অসংখ্য বন্দুক ভাঙোতা মই
মই জন্মৰ পৰাই স্বাধীন হৈ থাকোঁতা

মই আদিবাসী

মই নাজানো পাপ-পূণ্য
নপৰে কৰ্মফলৰ কোনো প্ৰভাৱ মোৰ ওপৰত
মই নাযাওঁ স্বৰ্গ, নাযাওঁ নৰক
মইতো প্ৰকৃতিৰ সন্তান
ময়েই পূৰ্বপুৰুষ

মই আদিবাসী।

৯ আগষ্ট, ২০২২

আহ্বান

মূলঃ আচফাকউল্লাহ খান
অনুবাদঃ বিতোপন গগৈ

ককালত টঙালী বান্ধি ল'লো এইবাৰ, কিবা এটা কৰিমেই
হয় ডিঙি কটা যাব, নহয় স্বাধীনতা আঁজুৰি ল'ম
অত্যাচাৰলৈ নকৰিবা ভয়, পিছ নুহোঁহকিবা
তুমি হাত আগবঢ়াবা, মই খোজ আগবঢ়াই দিম
নিৰস্ত্ৰ নহয় আমি, আছে সুদৰ্শনৰ শক্তি আমাৰ সৈতে
আকাশ পাতাল একাকাৰ কৰি দিম, এই চক্ৰৰে আমি
গুৰুত্ব নিদিওঁ ভয় ভাবুকি অথবা কোনো দুখক।

প্ৰাণ হাতৰ মুঠিত লৈ আছো, প্ৰয়োজন হ'লে দি দিম
আঃ বুলিও মুখৰে কেতিয়াও ওলাবলৈ নিদিওঁ
তোমালোকে তৰোৱাল তুলি লোৱা, আমি ডিঙি পাতি দিম
আমি শিকিছো যুদ্ধৰ এই নতুন কৌশল
চলাই দিয়া মেচিনগান, আমি বুকু পাতি দিম
দি দিয়া আমাক ফাঁচী, ঘোষণা কৰি দিম
আমাৰ ছহিদৰ তেজেই, আমি ফৌজ বনাই ল'ম
হে শোষক, তোমালোকে আন্দামানত নিৰ্বাসন দিয়া সকলক
দেশ স্বাধীন কৰিয়েই, ঘৰলৈ ঘুৰাই আনিম।

১৩ আগষ্ট, ২০২২

স্বাধীনতাৰ চাকি

মূলঃ ৰাম ৰাজ কুশৱাহা
অনুবাদঃ বিতোপন গগৈ

১৪ আগষ্টৰ সন্ধ্যা মই লিখিলো
স্বাধীনতাৰ চাকি জ্বলিবনে কেতিয়াবা
যি জ্বলিছিল সিও নুমাই গ'ল কেতিয়াবাই
চৰকাৰে যদি কৰি থাকে প্ৰৱঞ্চনা
তেন্তে সলনি নহয় জনতাৰ দুদৰ্শা
এনেকৈ স্বাধীনতাৰ চাকি জ্বলিবনে কেতিয়াবা
কেতিয়ালৈকে চলিব আমাৰ কন্যাৰ ওপৰত অত্যাচাৰ
তেওঁলোকে কি কেতিয়াও নাপাব স্বাধীনতা
এনেকৈ স্বাধীনতাৰ চাকি জ্বলিবনে কেতিয়াবা
কেতিয়ালৈকে থাকিব নিবনুৱা
কেতিয়াও কি শেষ নহ'ব দৰিদ্ৰতা
এনেকৈ স্বাধীনতাৰ চাকি জ্বলিবনে কেতিয়াবা?

১৪ আগষ্ট, ২০২২

কৃষ্ণ

মূলঃ কিতাবগঞ্জ
অনুবাদঃ বিতোপন গগৈ

দেৱতাবোৰৰ অহংকাৰক
নিজৰ কেঞা আঙুলিৰেই নচোৱাই দিয়ে
এটা সৰু ল'ৰাই

প্ৰয়োজনীয় বাবেই 
এই কাহিনী আমি পঢ়াই থাকো
আমাৰ বিশ্ববিদ্যালয়বোৰত

মানুহ অৱতাৰ নহয়
কিন্তু
স্বৰ্গৰ শাসকৰ বিৰুদ্ধে হোৱা
বিপ্লৱৰ বাবে
প্ৰয়োজন আছে
কৃষ্ণ আমাৰ প্ৰত্যেকৰে বুকুত
জীয়াই থাকক।

১৯ আগষ্ট, ২০২২

???

মূলঃ কিতাবগঞ্জ
অনুবাদঃ বিতোপন গগৈ

বাতৰি কাকতৰ কলম স্তব্ধ
টিভি চেনেলৰ মুখ বন্ধ
হৈ আছে হ'বলৈ দিয়া

কিন্তু
কবি যদি নিশ্চুপ হৈ ৰয়
দেশলৈ অনাগত বসন্ত
কোনখন মুখ লৈ আহিব?

 ২৩ আগষ্ট, ২০২২
#BilkisBanocase

আত্মমন্থন

          —বিতোপন গগৈ

বহু বছৰ পাৰ হৈ গৈছিল
নিজকে লগ নোপোৱা
দশক পাৰ হৈ গৈছিল
নিজৰে মাত নুশুনা
আৰু কিমান দিন যে হৈ গৈছিল
নিজৰ চকুলৈ নোচোৱা

হঠাৎ সিদিনা 
সাৰ পাইছিলো
নিজকে লগ পোৱাৰ চেষ্টা কৰিছিলো
কিন্তু তেতিয়ালৈ
মই হেৰাই গৈছিলো নদীৰ সোঁতত
নিজকে মাতিছিলো
কিন্তু মাতটো হেৰাই গৈছিল 
পাহাৰ শিখৰত
চাইছিলো নিজৰ চকুলৈ
কিন্তু অচিনাকী হৈ পৰিছিলো
নিজৰে চকুত

চিনাকী নদী বুলি
বুকুত সাৱতি থাকোতেই
কেতিয়ানো দুহাতেৰে সৰকি গুছি গ'ল
ঢুকি পাওঁ বুলি
ভাবি থকা পাহাৰ শিখৰটো
হাতেৰে ঢুকি নোপোৱা দুৰলৈ গুছি গ'ল
আৰু নিজৰে চকু দুটা
দুটুকুৰা বৰফ হৈ
গলি গলি শেষ হৈ গ'ল।

২৭ আগষ্ট, ২০২২

তুমি

মূলঃ কিতাবগঞ্জ
অনুঃ বিতোপন গগৈ

নালাগে মোক স্মৃতি
তুমি নথকাত তোমাৰ কথা মনত পেলাই দিয়া
এনে কোনো ক্ষণ নালাগে মোক

তুমিবিহীন কোনো ঠাই
কোনো দিন, কোনো ঋতু
নালাগে কেতিয়াও মোক

তুমি থকাটোৱেই মোৰ বাবে সকলো
তুমি য'ত নাই
তেনে এটা দিনো নালাগে মোক।

৫ জুলাই, ২০২২

মই এক ধৰ্মদ্ৰোহী

মূলঃ দেৱেন্দৰ কুমাৰ
অনুঃ বিতোপন গগৈ

মই
বাল্মীকি নহয়
ক্ৰৌঞ্চহে
মই কবিতা নহয়
ক্ৰন্দনহে

কৰ্কশ অগঢ়ী
সুৰৰ সিপাৰৰ পৰা অহা
উন্মাদ আৰ্তনাদক
মই শব্দৰে বান্ধো

নিৰ্মমতাৰ মৰুময় ভূমিক
নিজৰ তেজেৰে সজীৱ কৰা
বৰ্তমান মই

এজন ভৱিষ্যন্মুখ
বিদ্ৰোহী শম্বুকৰ দৰে
মই এক ধৰ্মদ্ৰোহী!

৭ জুলাই, ২০২২

স্থবিৰতা

মূলঃ অন্বেষা চিচ'দিয়া
অনুঃ বিতোপন গগৈ

স্থবিৰতাৰ প্ৰয়োজন আছে
এদিন স্থবিৰ হৈ যোৱাটো প্ৰয়োজনীয়
কিয়নো স্থবিৰতা সেই প্ৰশ্নবোৰৰ সমাধান
যিবোৰ আমি নিজে বিচাৰি ফুৰো।

স্থবিৰ হৈ যোৱাটো অসম্ভৱ যেন লাগে
এনে লাগে যদি স্থবিৰ হৈ যাওঁ 
সকলো ভাঙি পৰিব।

কিন্তু স্থবিৰতাইতো
ভাঙি পৰাবোৰ যোৰা লগোৱাৰ
একমাত্ৰ বিকল্প।

প্ৰয়োজনীয় নহয় যে স্থবিৰ হৈ যোৱাৰ পাছত
পুনৰ আৰম্ভ কৰিবলৈ কঠিন হ'ব,
কঠিন বুলি ভবাটো মনৰ ভয়।
গতিকে ভয়ৰ পৰা মুক্তি পাবলৈ
স্থবিৰ হৈ যোৱাটো প্ৰয়োজনীয়।

১১ জুলাই, ২০২২

কবিতা #ReleaseBarshashree

মূলঃ Sunil Nihalia 
অনুঃ বিতোপন গগৈ

প্ৰেমৰ কবিতা লিখাতো
একেবাৰেই সহজ
সেই কবিতা পঢ়িবলৈ
প্ৰেমত পৰা অগণন প্ৰেমিক আছে
কিন্তু বিপ্লৱৰ কবিতা
সদায় জীৱিত মানুহেহে পঢ়ে

মই বিচাৰো
তুমি প্ৰেম আৰু বিপ্লৱ একেলগে লিখা
সেই কবিতা পঢ়ি
প্ৰেমিকসকল জী উঠক।

জিভা

মূলঃ কিতাবগঞ্জ
অনুঃ বিতোপন গগৈ

মোৰ জিভাখন
ডাক্তৰে পৰীক্ষা কৰিছে
কিয়নো
মোৰ গা ভাল নহয়।

মোৰ জিভাখন
চৰকাৰে পৰীক্ষা কৰিছে
কিয়নো
শাসকৰ বোলে গা বেয়া!

২৩ জুলাই, ২০২২

ইমানেই পবিত্ৰ ধৰ্ম মোৰ

মূলঃ পুনিত শৰ্মা
অনুঃ বিতোপন গগৈ

ধৰ্মৰ হাতত শিলগুটি
ধৰ্মৰে ফাটিল মূৰ
ধৰ্মৰ হাতত বন্দুক
ধৰ্মৰে বুকুত লাগিল গুলি। 
ধৰ্মৰ হাতত প্ৰচাৰ পত্ৰ
ধৰ্মৰ হাততে পতাকা
ধৰ্মক বাধা দি ধৰ্ম ঠিয় আজি
ইমানেই পবিত্ৰ ধৰ্ম মোৰ! 

ধৰ্মৰ হাতত জুইশলা, ধৰ্মৰে জ্বলিছে ঘৰ
ধৰ্মই যি দুখ ভুগিছে, ধৰ্মই ইয়াৰ কাৰণ
ধৰ্মৰ দুচকুত ঘৃণা জিলিকিছে, ধৰ্মৰে দুচকুত ভয়
ধৰ্মৰ চোতালত মৃতদেহৰ শাৰী, ধৰ্মৰ মাজতেই আছে শগুণ
ধৰ্মৰ তেজেৰে সজা হৈছে
ধৰ্মৰ শিৰত আছে যি মুকুট 
ধৰ্মক বাধা দি ধৰ্ম ঠিয় আজি
ইমানেই পবিত্ৰ ধৰ্ম মোৰ! 

ধৰ্মৰ পৰাই শাসন চলিছে, ধৰ্মৰ দ্বাৰাই শাসক
ধৰ্মই ভোকত হাহাকাৰ কৰি আছে, ধৰ্মই ৰেচনৰ দোকান
ধৰ্মৰ বুুকু-ধৰ্মৰ পিঠি, ধৰ্মই হাৰে-ধৰ্মই জিকে
ধৰ্ম বহি আছে বুলডজাৰত, ধৰ্মই ঘৰৰ প্ৰতিটো ইটা
ধৰ্ম চামৰা, ধৰ্ম খোলা
ধৰ্মই ঢোল, ধৰ্মই ঢুলীয়া
ধৰ্মক বাধা দি ধৰ্ম ঠিয় আজি
ইমানেই পবিত্ৰ ধৰ্ম মোৰ!

১২ জুন, ২০২২

Thursday, September 15, 2022

তুমি নিলিখিবা বিদ্ৰোহৰ কবিতা


বিতোপন গগৈ

কবিতা প্ৰেমৰ হে লিখিব লাগে
হে তৰুণ কবি
তোমাৰ এতিয়া প্ৰেম কৰাৰ সময়
প্ৰেম কৰা
আৰু প্ৰেমৰ কবিতা লিখা
দেশ-জাতি জহন্নামে যাবলৈ দিয়া

লাগক জুই বজাৰত
ঘৰহীন হওক
তোমাৰ দেশৰ নাগৰিক
তুমি নিলিখিবা প্ৰতিবাদৰ কবিতা
নদী নাৰী পাহাৰৰ কবিতা লিখা

তোমাৰ কবিতাত
নিলিখিবা অত্যাচাৰৰ কথা
উচুপি থাকক দেশৰ জনতা
নুশুনিবা তেওঁলোকৰ আৰ্তনাদ
তুমি লিখা মাথো ফুল বসন্তৰ কবিতা

অ' মোৰ তৰুণ কবি
তুমি নিলিখিবা বিদ্ৰোহৰ কবিতা
দেশ-জাতি জহন্নামে যাবলৈ দিয়া!

১৯ মে', ২০২২
(কবিতা লিখাৰ বাবেই ১৮ বছৰীয়া ছাত্ৰী বৰ্ষাশ্ৰীক দেশদ্ৰোহিতাৰ গোচৰত গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত)

পুৰাতন

মূলঃ কিতাবগঞ্জ
অনুঃ বিতোপন গগৈ

ইতিহাসৰ পাতত
তোমাৰ আৰু মোৰ কথা
সেই কেইটা পৃষ্ঠাত উল্লেখ আছিল
যি যোৱা ৰাতিৰ বৰষুণত তিতি থাকিল

মোৰ নামৰ চিঞাহী গোটেইখিনি
পানীৰ লগত বৈ গ'ল
আৰু তোমাৰ নামৰ চিঞাহী বিয়পি গৈ
গোটেই ঠাইখিনি সামৰি ল'লে
ঠিক তেনেকৈ, 
যেনেকৈ মই শুই থাকো
বিচনাৰ তুমি শোৱা খালী ঠাইখিনি সাবটি।

২৬ মে', ২০২২

যুদ্ধৰ বিৰুদ্ধে এটা কবিতা

মূলঃ ফিৰোজ খান
অনুঃ বিতোপন গগৈ

তুমি যদি বিচাৰা মোক নিৰ্বাসিত কৰি দিয়া
এই দেশৰ পৰা, এই পৃথিৱীৰ পৰা
কিন্তু মই এটা অপৰাধ কৰিব বিচাৰো
মই বিচাৰো
অস্ত্ৰ নথকা এখন পৃথিৱী
মই বিচাৰো
নোৱাৰ দৰে এখন নাও সাজি
পৃথিৱীৰ সমস্ত অস্ত্ৰ তাত জাপি দিওঁ
আৰু উটোৱাই দিওঁ কোনোবা বাৰ্মুডা ট্ৰায়েংগলৰ দিশে
পৃথিৱীৰ সকলো সেনা-আৰক্ষীক মই
অস্ত্ৰহীন কৰি দিব বিচাৰো
কাঢ়ি ল'ব বিচাৰো সৈনিকৰ মেডেল
যি সীমান্তত মাথো তেজৰ হিচাপ হয়
সেই সীমান্তৰেখা মই মচি দিব বিচাৰো
নহ'লে তাত সৈনিকৰ সলনি প্ৰেমিকবোৰক
মীৰা, সুৰ, কবীৰ, খুশ্ৰু, ফৰীদ, মীৰ, গালিব,
ফেইজ, জালিব আৰু নিদাক
ঠিয় কৰাই ৰাখিব বিচাৰো
ইতিহাসৰ কিতাপৰ পৰা মচি দিব বিচাৰো
বিজয়ৰ গাঁথা
পৰাজয়ৰ হতাশা
ধংস কৰি দিব বিচাৰো
দূৰ্গ-ৰাজপ্ৰাসাদত আঁৰি থোৱা যুদ্ধৰ প্ৰতীক চিহ্নবোৰ
যাদুঘৰত থোৱা অস্ত্ৰবোৰৰ ঠাই থ'ব বিচাৰো
গোটেই পৃথিৱীৰ প্ৰেমপত্ৰবোৰ
মই হাজাৰ বছৰ অতীতলৈ ঘূৰি যাব বিচাৰো
আৰু নাইকিয়া কৰি দিব বিচাৰো
ধৰ্মগ্ৰন্থবোৰৰ পৰা যুদ্ধৰ কাহিনী
কাঢ়ি ল'ব বিচাৰো 
 ৰজাৰ হাতৰ ধনু
মহাৰজাৰ হাতৰ তৰোৱাল
মই নাইকিয়া কৰি দিব বিচাৰো
কুৰুক্ষেত্ৰ-কাৰাবালাৰ আখ্যান
কুৰুক্ষেত্ৰ-কাৰাবালাৰ বিশাল যুদ্ধক্ষেত্ৰক
মই খেলপথাৰলৈ সলনি কৰি দিব বিচাৰো
মই পি খাই শেষ কৰি দিব বিচাৰো
কবিতাবোৰৰ পৰা বীৰ ৰস
মই দি দিব বিচাৰো
একাপ চাহৰ বিনিময়ত সূৰ্যৰ উত্তাপ
অভিধানৰ অসংখ্য হিংস্ৰ শব্দ
হিংসাৰ বিৰুদ্ধে  কোৱা আৰু লেখা
মোৰ হিংস্ৰ শব্দবোৰৰ বাবে মই ক্ষমা প্ৰাৰ্থী!

৫ মাৰ্চ, ২০২২

অ'টিপি

মূলঃ মধু ৰাঘৱেন্দ্ৰ
অনুঃ বিতোপন গগৈ

তেওঁলোকে প্ৰতিটো বস্তুৰ অনুমোদনৰ বাবেই
মোলৈ অ'টিপি পঠিয়ায়, 
প্ৰত্যেক বাৰেই যেতিয়া
মই বেংক একাউণ্ট লগইন কৰো
বা হাইপ'এলাৰ্জিক বেবী ডাইপাৰ
অথবা ৰঙীন অন্তৰ্বাস অৰ্ডাৰ কৰো। 

কিন্তু যুদ্ধৰ বাবে অ'টিপি অহাটো
মোৰ মনত নাই,
এইটোৰ বাবে মই অনুমোদন দিয়া নাছিলো।

১১ মাৰ্চ, ২০২২

এটা মুহূৰ্ত!

মূলঃ কাইফী আজমী
অনুঃ বিতোপন গগৈ

কেইটামান মুহূৰ্তৰ নাম জীৱন 
আৰু তাৰো এটা মুহূৰ্ত
য'ত কথা কৈ থকা দুটি চকু
চাহৰ পিয়লাৰ পৰা যেতিয়া উঠিল
লগে লগে হৃদয়ত ডুবিল

হৃদয়ৰ ক'ৰবাত ডুবি
আজি তুমি একো নক'বা
আজি মই একো নকওঁ
মাথো এনেকৈয়ে বহি থাকা
হাতত হাত থৈ
দুখেৰে ভৰা উপহাৰৰ টোপোলা লৈ
আৱেগ অভিমানৰ উত্তাপ লৈ

কি জানি সেই মুহূৰ্ততেই
দূৰ পৰ্বতত ক'ৰবাত
বৰফ গলেই বা!

২১ মাৰ্চ, ২০২২

কবিতা

মূলঃ কিতাবগঞ্জ 
অনুঃ বিতোপন গগৈ

কেতিয়ালৈকে লিখি থাকিম
নদী, নাৰী, পাহাৰ
ফুল, বসন্তৰ কবিতা

দেশত এতিয়া
চৌপাশে চিৎকাৰ
তেওঁলোকৰ উচুপনি শুনোতা
নাই কোনো চৰকাৰ! 

প্ৰেমৰ কথাতো
সকলোৱেই জানে
প্ৰিয় কবি
তোমাৰ কবিতাত কেতিয়া লিখিবা
অত্যাচাৰ?

২৯ মাৰ্চ, ২০২২

মই তোমাক আকৌ লগ পাম

মূলঃ অমৃতা প্ৰীতম
অনুঃ বিতোপন গগৈ

মই তোমাক আকৌ লগ পাম
ক'ত কেনেকৈ নাজানো
কিজানি তোমাৰ কল্পনাৰ প্ৰেৰণা হৈ
তোমাৰ কেনভাছলৈ নামি আহিম
অথবা তোমাৰ কেনভাছত
এডাল ৰহস্যময়ী ৰেখা হৈ
নিঃশব্দে তোমাক চাই থাকিম

নহ'লে বেলিৰ পোহৰ হৈ
তোমাৰ ৰংবোৰৰ সৈতে মিলি যাম
অথবা ৰঙৰ বোকোচাত উঠি
তোমাৰ কেনভাছ সাৱতি থাকিম
নাজানো ক'ত কেনেকৈ
কিন্তু তোমাক আকৌ লগ পাম

নহ'লে মই বসন্ত হ'ম
ঝৰ্ণাৰ পানী যেনেকৈ বতাহত উৰে
মই তেনেকৈ পানীৰ টোপাল
তোমাৰ দেহত ছটিয়াম
আৰু এক শীতল অনুভৱ হৈ
তোমাৰ বুকুত সোমাম

মই আৰু একো নাজানো
কিন্তু এইটো জানো যে
সময়ে যিয়েই কৰক
এইটো জনম মোৰ সৈতে যাব

এই দেহ শেষ হ'লেই
সকলো শেষ হৈ যায়
কিন্তু স্মৃতিৰ সূতা
ব্ৰহ্মাণ্ডৰ একোটা মুহূৰ্তৰ দৰে
মই সেই মুহূৰ্তবোৰক বাচি ল'ম
সেই সূতাবোৰক সামৰি ল'ম
মই তোমাক আকৌ লগ পাম।

২ ফেব্ৰুৱাৰী, ২০২২

নিঃশব্দতা

মূলঃ মখদুম মুহিউদ্দিন
অনুঃ বিতোপন গগৈ

নাই কোনো হৃদস্পন্দন 
নাই খোজৰ শব্দ
নাই চঞ্চলতা
নাই কোনো আনন্দ
নাই আলোড়ন
নাই কোনো উশাহৰ উত্তাপ
নাই শৰীৰ
এনে নিশব্দতাত মাথো
এটা-দুটা গছপাতে খৰখৰায়

কোনো গলি যোৱা মুকুতা
কাৰোবাৰ চকুলো
কাৰোবাৰ হৃদয়
একোৱে নাই
কিমান নিজান এই পথ
চমকি উঠক বিজুলী 
জিলিকি উঠক এখন মুখ! 

৪ ফেব্ৰুৱাৰী, ২০২২

(মখদুম মুহিউদ্দিন এগৰাকী স্বাধীনতা সংগ্ৰামী, এগৰাকী মাৰ্ক্সিষ্ট ৰাজনৈতিক কৰ্মী, টেলেংগানা ৰাজ্য দাবী আন্দোলনৰ অগ্ৰণী নেতা আছিল। তেখেত চিপিআইৰ এগৰাকী একনিষ্ঠ কৰ্মী আছিল আৰু মৃত্যুৰ পাছত হায়দৰাবাদৰ পাৰ্টি অফিচটো তেখেতৰ নামেৰে নামকৰণ কৰা হয়। মূলতঃ কবিতা আৰু গজল লিখা কবি-গীতিকাৰ গৰাকীয়ে হিন্দী চিনেমাৰ বহু বিখ্যাত গীত লিখি গৈছে।)

সিহঁতক ক্ষমা কৰি দিবা

মূলঃ বিক্ৰম
অনুবাদঃ বিতোপন গগৈ

সিহঁতে যুদ্ধৰ কথা ক'ব
তুমি শান্তিৰ কথা ক'বা
সিহঁতে মুছলমানৰ কথা ক'ব
তুমি মানুহৰ কথা ক'বা
সিহঁতে হিন্দুৰ কথা ক'ব
তুমি প্ৰকৃতিৰ কথা ক'বা
সিহঁতে খ্ৰীষ্টানৰ কথা ক'ব
তুমি জ্ঞানৰ কথা ক'বা
সিহঁতে শিখৰ কথা ক'ব
তুমি দয়াৰ কথা ক'বা
সিহঁতে সম্প্ৰদায়ৰ কথা ক'ব
তুমি বুদ্ধৰ কথা ক'বা
সিহঁতে জাতিৰ কথা ক'ব
তুমি শংকৰদেৱৰ কথা ক'বা
সিহঁতে মৰা-কটাৰ কথা ক'ব
তুমি মানৱতাৰ কথা ক'বা

তাৰপাছতো যদি সিহঁত হিংস্ৰ হৈ উঠে
সিহঁতে যদি তোমাৰ তেজ বিচাৰে
তুমি ভয় নাখাবা
মানৱতাক জীয়াই ৰাখিবা
তুমি যে মানুহ পাহৰি নাযাবা
আৰু সিহঁতক ক্ষমা কৰি দিবা।

১১ ফেব্ৰুৱাৰী, ২০২২

আজি কবিৰ জন্মদিন

অলপ প্ৰেম কৰিলো অলপ কাম কৰিলো
মূলঃ ফেইজ আহমদ ফেইজ
অনুবাদঃ বিতোপন গগৈ

অলপ প্ৰেম কৰিলো অলপ কাম কৰিলো
সেইসকল লোক বহুত ভাগ্যবান আছিল
যি প্ৰেমক কাম বুলি ভাবিছিল
বা কামৰ সৈতে প্ৰেম কৰিছিল
মইতো ব্যস্তই হৈ থাকিলো
অলপ প্ৰেম কৰিলো অলপ কাম কৰিলো
প্ৰেমৰ সমুখত কাম বাধা হৈ আহি থাকিল
আৰু প্ৰেমৰ সৈতে কামৰ জংকপংক লাগি থাকিল
শেষত অশান্তি লাগি মই
দুয়োটাকে আধৰুৱাকৈয়ে এৰি দিলো।

১৩ ফেব্ৰুৱাৰী, ২০২২

প্ৰেম আৰু বিদ্ৰোহৰ দুটা কবিতা

মূলঃ কিতাবগঞ্জ
অনুবাদঃ বিতোপন গগৈ

                   (১)
এদিন তেওঁ হাঁহিলে
আৰু মই
সকলো বন্দুকৰ কাৰখানা বন্ধ কৰি
লিপষ্টিকৰ কাৰখানা খুলি দিলো

এদিন তেওঁ অভিমান কৰিলে
আৰু মই
সকলো স্বৈৰাচাৰীক গাদীৰ পৰা নমাই দিলো
সকলো বিপ্লৱ সফল কৰি দিলো

এদিন তেওঁৰ খং উঠিলে
আৰু মই
ৰঙৰ সকলো পাৰ্থক্য মচি পেলালো
পৃথিৱীখন গুলপীয়া কৰি তুলিলো

এনেকৈয়ে প্ৰেমৰ বাবে
মই পৃথিৱীখন সলনি কৰি পেলালো! 

                       (২)
তোমালৈ প্ৰেমৰ চিঠি লিখাৰ আগত
মই ইতিহাস পঢ়ি ল'লো

যাতে আমাৰ প্ৰেমে 
শোষিতৰ দুচকুৰে নিগৰা
এটোপাল চকুলোকো  আওকাণ নকৰে

যাতে মই তোমালৈ লিখা
প্ৰতিটো শব্দই
স্বৈৰাচাৰী শাসকৰ টোপনি হৰণ কৰি থাকে!

১৪ ফেব্ৰুৱাৰী, ২০২২

এই চুলিটাৰি খুলি যদি আউলি বাউলি হৈ যায় তেন্তে ভালেই

মূূলঃ সাহিৰ লুধিয়ানৱী
অনুঃ বিতোপন গগৈ

এই চুলিটাৰি খুলি যদি আউলি বাউলি হৈ যায় তেন্তে ভালেই
এই নিশাটোৰ ভাগ্য যদি মুকলি হৈ যায় তেন্তে ভালেই

তোমাৰ সৈতে যিদৰে কিছু সময় পাৰ কৰি আহিলো
বাকীখিনিও যদি সেইদৰেই পাৰ হৈ যায় তেন্তে ভালেই

সমাজৰ চকুত ভালনো কি বেয়ানো কি
এই বোজা যদি মনৰ পৰা আঁতৰি যায় তেন্তে ভালেই

এনেইতো তুমিয়েই মোক শেষ কৰিছা
দোষটো যদি আনৰ ওপৰত পৰি যায় তেন্তে ভালেই!

১৬ ফেব্ৰুৱাৰী, ২০২২

শেষ ঠিকনা

মূলঃ কিতাবগঞ্জ
অনুবাদঃ বিতোপন গগৈ

সেইদিনা 
যেতিয়া ভাবিবা যে
তোমাৰ হেঁপাহে তোমাক বহুদূৰ লৈ আহিলে
আৰু তুমি হতাশ হৈ ভাগৰি পৰিছা
তুমি উভতি নাহিবা
আৰু কিছু দূৰ আগুৱাই যাবা

মোক ৰৈ থকা পাই যাবা
কোনোবা এটা কেঁকুৰিত
মাথো তোমাৰ বাবে

তুমি গোটেই ব্ৰহ্মাণ্ড ঘূৰি
শেষত
মোৰ কাষলৈকে উভতি আহিবা।

১৯ ফেব্ৰুৱাৰী, ২০২২

একৈছৰ কবিতা

মূলঃ আল মাহমুদ
অনুবাদঃ বিতোপন গগৈ

ফেব্ৰুৱাৰীৰ একৈছ তাৰিখ
কোমল দুপৰীয়া বেলা
বৰষুণ নামিছে, ক'ত বৰষুণ? 
বৰষিছে তেজ

হাজাৰ যুগৰ সূৰ্যৰ তাপত
জ্বলিয়ে ইমান ৰঙা
এই তেজেৰেই যে
ৰঙা হৈছে কৃষ্ণচূড়া

পূৱাৰ শোভাযাত্ৰাত
হয় সৰাফুলৰ বান
টিটুমীৰৰ জীয়ৰীয়ে
গায় যায় বিষাদৰ গান

চিনা নাই তুমি তেওঁক
ক্ষুদিৰাম মৰমৰে
প্ৰাণ দিলে যে
মুক্ত বতাহৰ বাবে

পাহাৰতলীৰ জুইকুৰাত
জপিয়াই যে পৰিছিল
তেওঁৰে ভনীয়ে ফেব্ৰুৱাৰীত
শোকৰ সাজযোৰ যে পিন্ধিছিল!

২১ ফেব্ৰুৱাৰী, ২০২২

মাতৃভাষা

মূলঃ কেদাৰনাথ সিং
অনুবাদঃ বিতোপন গগৈ

যেনেকৈ পৰুৱাবোৰ
উভতে গাঁতলৈ
বাঢ়ৈটোকাটো উভতে
কাঠৰ কাষলৈ
হেঙুলীয়া আকাশ ভেদি
উৰাজাহাজবোৰ উভতে
জাহাজঘাটলৈ

অ' মোৰ মাতৃভাষা
মই উভতো তোমাৰ কাষলৈ
যেতিয়া নিঃশ্চুপ হৈ হৈ
থৰ লাগি যায় মোৰ জিভা
দুখত কাতৰ হয়
মোৰ আত্মা।

২১ ফেব্ৰুৱাৰী, ২০২২