Friday, September 16, 2022

আন্তৰ্জাতিক খিলঞ্জীয়া/আদিবাসী দিৱসৰ কবিতাঃ মই আদিবাসী

মূলঃ ডº বিক্ৰম চৌধুৰী
অনুবাদঃ বিতোপন গগৈ

মই পৃথিৱীৰ প্ৰথম মানুহ
মই কোনো ঋষিৰ অবৈধ সন্তান নহয়
নহয় মহাভাৰতৰ যুদ্ধৰ
কোনো পলৰীয়া বিধবাৰ পুতেক
বৰং ময়েই সকলোৰে পূৰ্বপুৰুষ

মই আদিবাসী

মই বুৰ্বক নহয়
নহয় মই অনাক্ষৰ
প্ৰকৃতিৰ ভাষা 
একমাত্ৰ ময়েই বুজি পাওঁ

মই আদিবাসী

মই মুছলমানৰ অত্যাচাৰত অৰণ্যলৈ নাই পলোৱা
নাই পলোৱা ধৰ্ম পৰিবৰ্তনৰ ভয়ত পাহাৰলৈ
বৰং নিঃস্বাৰ্থ ভাৱে নিজৰ ধনু-কাড়ৰ শক্তিৰে
প্ৰতাপ-শিৱাজীক ৰাজ্য দিওঁতা মই

মই আদিবাসী

মই ইংৰাজৰ চামচাগিৰী নাই কৰা
নহয় মই জালিয়ানৱালাবাগত
আপোন মানুহৰ ওপৰত গুলি চলাওঁতা
বৰং চাওতালৰ পাহাৰৰ পৰা মোৰ কাড়েৰে
ইংৰাজৰ অসংখ্য বন্দুক ভাঙোতা মই
মই জন্মৰ পৰাই স্বাধীন হৈ থাকোঁতা

মই আদিবাসী

মই নাজানো পাপ-পূণ্য
নপৰে কৰ্মফলৰ কোনো প্ৰভাৱ মোৰ ওপৰত
মই নাযাওঁ স্বৰ্গ, নাযাওঁ নৰক
মইতো প্ৰকৃতিৰ সন্তান
ময়েই পূৰ্বপুৰুষ

মই আদিবাসী।

৯ আগষ্ট, ২০২২

No comments:

Post a Comment