—বিতোপন গগৈ
বহু বছৰ পাৰ হৈ গৈছিল
নিজকে লগ নোপোৱা
দশক পাৰ হৈ গৈছিল
নিজৰে মাত নুশুনা
আৰু কিমান দিন যে হৈ গৈছিল
নিজৰ চকুলৈ নোচোৱা
হঠাৎ সিদিনা
সাৰ পাইছিলো
নিজকে লগ পোৱাৰ চেষ্টা কৰিছিলো
কিন্তু তেতিয়ালৈ
মই হেৰাই গৈছিলো নদীৰ সোঁতত
নিজকে মাতিছিলো
কিন্তু মাতটো হেৰাই গৈছিল
পাহাৰ শিখৰত
চাইছিলো নিজৰ চকুলৈ
কিন্তু অচিনাকী হৈ পৰিছিলো
নিজৰে চকুত
চিনাকী নদী বুলি
বুকুত সাৱতি থাকোতেই
কেতিয়ানো দুহাতেৰে সৰকি গুছি গ'ল
ঢুকি পাওঁ বুলি
ভাবি থকা পাহাৰ শিখৰটো
হাতেৰে ঢুকি নোপোৱা দুৰলৈ গুছি গ'ল
আৰু নিজৰে চকু দুটা
দুটুকুৰা বৰফ হৈ
গলি গলি শেষ হৈ গ'ল।
২৭ আগষ্ট, ২০২২
No comments:
Post a Comment