Friday, September 16, 2022

আহ্বান

মূলঃ আচফাকউল্লাহ খান
অনুবাদঃ বিতোপন গগৈ

ককালত টঙালী বান্ধি ল'লো এইবাৰ, কিবা এটা কৰিমেই
হয় ডিঙি কটা যাব, নহয় স্বাধীনতা আঁজুৰি ল'ম
অত্যাচাৰলৈ নকৰিবা ভয়, পিছ নুহোঁহকিবা
তুমি হাত আগবঢ়াবা, মই খোজ আগবঢ়াই দিম
নিৰস্ত্ৰ নহয় আমি, আছে সুদৰ্শনৰ শক্তি আমাৰ সৈতে
আকাশ পাতাল একাকাৰ কৰি দিম, এই চক্ৰৰে আমি
গুৰুত্ব নিদিওঁ ভয় ভাবুকি অথবা কোনো দুখক।

প্ৰাণ হাতৰ মুঠিত লৈ আছো, প্ৰয়োজন হ'লে দি দিম
আঃ বুলিও মুখৰে কেতিয়াও ওলাবলৈ নিদিওঁ
তোমালোকে তৰোৱাল তুলি লোৱা, আমি ডিঙি পাতি দিম
আমি শিকিছো যুদ্ধৰ এই নতুন কৌশল
চলাই দিয়া মেচিনগান, আমি বুকু পাতি দিম
দি দিয়া আমাক ফাঁচী, ঘোষণা কৰি দিম
আমাৰ ছহিদৰ তেজেই, আমি ফৌজ বনাই ল'ম
হে শোষক, তোমালোকে আন্দামানত নিৰ্বাসন দিয়া সকলক
দেশ স্বাধীন কৰিয়েই, ঘৰলৈ ঘুৰাই আনিম।

১৩ আগষ্ট, ২০২২

No comments:

Post a Comment