Thursday, September 15, 2022

তুমি নিলিখিবা বিদ্ৰোহৰ কবিতা


বিতোপন গগৈ

কবিতা প্ৰেমৰ হে লিখিব লাগে
হে তৰুণ কবি
তোমাৰ এতিয়া প্ৰেম কৰাৰ সময়
প্ৰেম কৰা
আৰু প্ৰেমৰ কবিতা লিখা
দেশ-জাতি জহন্নামে যাবলৈ দিয়া

লাগক জুই বজাৰত
ঘৰহীন হওক
তোমাৰ দেশৰ নাগৰিক
তুমি নিলিখিবা প্ৰতিবাদৰ কবিতা
নদী নাৰী পাহাৰৰ কবিতা লিখা

তোমাৰ কবিতাত
নিলিখিবা অত্যাচাৰৰ কথা
উচুপি থাকক দেশৰ জনতা
নুশুনিবা তেওঁলোকৰ আৰ্তনাদ
তুমি লিখা মাথো ফুল বসন্তৰ কবিতা

অ' মোৰ তৰুণ কবি
তুমি নিলিখিবা বিদ্ৰোহৰ কবিতা
দেশ-জাতি জহন্নামে যাবলৈ দিয়া!

১৯ মে', ২০২২
(কবিতা লিখাৰ বাবেই ১৮ বছৰীয়া ছাত্ৰী বৰ্ষাশ্ৰীক দেশদ্ৰোহিতাৰ গোচৰত গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত)

No comments:

Post a Comment