Thursday, November 23, 2023

মই আচৰিত হওঁ

মূলঃ মহাদেৱী বাৰ্মা
অনুবাদঃ বিতোপন গগৈ

মই আচৰিত হওঁ এইটো ভাবি
কোনো নাৰীয়ে কিয় আঙুলি টোওৱা নাই
তুলসী দাসৰ প্ৰতি, যি কৈছে
"ঢোল, অসভ্য, শূদ্ৰ, পশু, নাৰী
এই সকলো বজোৱাৰ উপযোগী"।

মই আচৰিত হওঁ
কোনো নাৰীয়ে
কিয় জ্বলোৱা নাই "মনুস্মৃতি"
যিয়ে তেওঁলোকক পিন্ধাইছে
দাসত্বৰ শিকলি

মই আচৰিত হওঁ
কোনো নাৰীয়ে কিয় ধিক্কাৰ দিয়া নাই
সেই "ৰাম"ক
যি পৰীক্ষাৰ পাছতো
গৰ্ভৱতী পত্নী সীতাক
গটিয়াই ওলিয়াই দিছিল
নিজৰ ঘৰৰ পৰা

কোনো নাৰীয়ে নিন্দা কৰা নাই
সেই সকলক, যি
"নাৰীক বস্তু জ্ঞান কৰি"
লগাই দিছিল জুৱাত পণ
হৈ আছিল মহাভাৰতত
"নপুংসক" যোদ্ধাৰ সমুখত
নিখুঁত ভাৱে নাৰী জাতিৰ বস্ত্ৰহৰণ

মই আচৰিত হওঁ এইটো ভাবি
কোনো নাৰীয়ে
কিয় নকৰিলে আজিও
কাকতালীয় ভাৱেই দিন দুপৰতে কৰা
অম্বা-অম্বালিকাৰ অপহৰণৰ বিৰোধ

আৰু মই অচৰিত হওঁ
ইমানবোৰ হোৱাৰ পাছতো
কিয় নিজৰ শ্ৰদ্ধেয় বুলি
মোৰ মা-ভনীয়ে পূজা কৰে
সিহঁতক দেৱতা-ভগৱান মানি

মই আচৰিত হওঁ
তেওঁলোকৰ নিৰৱতা দেখি
এয়া তেওঁলোকৰ সহনশীলতা বোলো নে
অন্ধ ভক্তি নে
মানসিক দাসত্বৰ পৰকাষ্ঠা?

৮ মাৰ্চ, ২০২৩

(আজিৰ পৰা ৩৬ বছৰ আগতে মৃত্যু হোৱা কবিয়ে তাৰ কিমান আগত কবিতাটো লিখিছিল নাজানো; কিন্তু সেই সময়ত এই কবিতা লিখা ইমান সহজ নাছিল। চাৰি/পাঁচ দশকৰ পাছত আজি হয়তো কবিতাটোৰ কোনোটো শব্দই কিছু অসুবিধাৰ সৃষ্টি কৰিব পাৰে। সেইটো আওকাণ কৰি কবিতাটো পঢ়ি চাওক।)

ফটোঃ ৰাষ্ট্ৰসংঘই আন্তৰ্জাতিক নাৰী দিৱসক মান্যতা দিয়া বছৰৰ নাৰী দিৱস উদযাপনৰ ফটো

No comments:

Post a Comment