মূলঃ অশোক মিশ্ৰ
অনুঃ বিতোপন গগৈ
মৃতদেহবোৰে কথা ক'ব নোৱাৰে
কিন্তু কয়
সাঁতুৰিব নাজানে কিন্তু সাঁতোৰে
বিষ ঢলা কামটোতো জীয়া মানুহৰ কাম
তেন্তে ইহঁতে কিয় বিষ ধালে?
সিহঁত মৃত
কোনো ষড়যন্ত্ৰ কৰিব নাজানে
তেন্তে কাৰ ষড়যন্ত্ৰত কাৰ মুখা খোলে?
জীৱিত সকলে পৰিৱৰ্তন আনিব নোৱাৰে
যি পাৰো আমি সহায় কৰিম
—এই বুলি
নিজৰ মতে উটি গৈ থকা মৃতদেহবোৰে ভাৱে।
বৰ আচৰিত
এই গেলি যোৱা মৃতদেহবোৰে জীৱিত মানুহক
বিপথে পৰিচালিত কৰে, উচতায়
ইহঁতৰ ওপৰত কোনো মোকৰ্দমাও তৰিব নোৱাৰি
না আইনৰ কোনো ধাৰা লগাব পাৰি
ইহঁতক পুতি পেলাওক
তৎক্ষণাত জ্বলাই দিয়ক
ইহঁতে যাতে পুনৰ কেতিয়াও সাঁতোৰাৰ সাহস নকৰে
বদমাছ, লম্পটৰ দৰে যাতে নদীত উপঙি
জীৱিত মানুহক ভয় খোৱাব নোৱাৰে
শতিকা জুৰি শুনাব পৰা
কাহিনীলৈ পৰিৱৰ্তন হৈ যাব নোৱাৰে
তাৰ আগত
ইহঁতক শেষ কৰি দিয়ক
আমোলাই কয়—
হয়, মহাৰাজ
শেষ কৰি দিয়ক
আৰু তাৰ পাছত
বিৰোধৰ প্ৰতিবাদী কণ্ঠ হোৱা মৃতদেহবোৰক
এটা এটা কৈ শেষ কৰি দিয়া হয়।
১৬ মে' ২০২১
No comments:
Post a Comment