মূলঃ আদৰ্শ ভূষণ
অনুঃ বিতোপন গগৈ
তেওঁলোক বহি আছে
খুটি পুতি
দুচকু দৃঢ় কৰি
ৰুটি বান্ধি লৈ আহিছে
ঘৰৰ চৌকাবোৰ
তোমাৰ সমুখত আনি থৈছে
আশ্বাস নাই বিচৰা তোমাৰ পৰা
তেওঁলোকে বিচাৰিছে
ৰুটিৰ সলনি ৰুটি
পথাৰ খান্দি লৈ আনিছে
নিজৰ পথাৰৰ মাটি
তোমাৰ সমুখত থৈছে
ভাষণ বিচৰা নাই তোমাৰ পৰা
তেওঁলোকে বিচাৰিছে
মাটিৰ সলনি মাটি
তেওঁলোক বহি আছে
কাৰণ বেঁকা ৰাজহাড়েৰে
ঠিয় দি থাকিব নোৱাৰি
হাল কোৰ খন্তি একো লৈ অহা নাই
চেন্দেলজোৰ পৰ্যন্ত অনা নাই
দূৰৰ পৰা তুমি শুনা নাছিলা
সেয়ে গুছি আহিল খালী ভৰি খালী হাতেৰে
হাতৰ মুঠিবোৰ লৈ আহিছে তেওঁলোক
সবল মুঠিবোৰ
ঘৰৰ চাদত থিয় হৈ চাবা
আকাশলৈ মুখ কৰা উৰ্ধবাহু মুঠিবোৰ
য'ত বন্ধা আছে মাহ বছৰ শতিকা
তেওঁলোকে যুঁজা নাই
এয়া কোনো যুদ্ধ নহয়
ৰুটি বিচৰাতো যুদ্ধ হ'ব নোৱাৰে
আৰু যদি হয়
তেন্তে ইয়াতকৈ লজ্জাজনক কি হ'ব পাৰে—
দেশৰ কৃষকসকলে ৰুটিৰ বাবে যুঁজিছে
আৰু আমি আৰামত ৰুটি খায় আছো
কিয়?
ভোক সহ্য নহয়?
ভোক সহ্য কৰিব লগা বস্তু নেকি!
এয়া কোনো কৌতুক নহয়
নহয় আচৰ্যকৰ
যাক বহোৱাই ভৰি ধুৱাব লাগিছিল
তেওঁলোকৰ ওপৰত নিক্ষেপ কৰা হৈছে জলবোমা
যিসকল আটাইতকৈ আৰামত শুব লাগিছিল
তেওঁলোকে টোপনি এৰি খাব লগা হৈছে মাৰ
যাৰ কথা সকলোতকৈ আগত শুনিব লাগিছিল
তেওঁলোকক ঠিয় কৰাই দিয়া হ'ল শাৰীৰ শেষত
তেওঁলোক বহি আছে
হাৰি যোৱা নাই
যাক বানে হৰুৱাব পৰা নাই
খৰে হৰুৱাব পৰা নাই
তেওঁলোকক চৰকাৰে হৰুৱাব পাৰিবা বুলি
সপোন নেদিখিবা
তেওঁলোকক ভয় খুৱাওৱাৰ ভ্ৰমত নাথাকিবা
তেওঁলোক বহি থাকিব
নিজৰ মাটি বুকুত সাৱতি
তুমি গাদী এৰিব লাগিব
গাদী বুকুত সাৱতা বস্তু নহয়!
২৬ মে' ২০২১
No comments:
Post a Comment