Monday, September 13, 2021

সত্য

মূলঃ নাগাৰ্জুন
অনুঃ বিতোপন গগৈ

সত্যৰ পেৰালাইচিছ হৈছে
এটা প্ৰকাণ্ড কাঠৰ কুন্দাৰ দৰে
মাথো পৰি ৰয়
ওৰে দিন ওৰে ৰাতি
চকু ফালি ফালি ইফালে সিফালে
মাথো চাই ৰয়
সমুখেৰে কোনোবা অহাযোৱা কৰিলেও
সত্যৰ দৃষ্টিত কেতিয়াও একোৱে প্ৰভাৱ নপৰে
শিল দৃষ্টিৰে মাথো চাই ৰয়
ওৰে দিন ওৰে ৰাতি

সত্যৰ পেৰালাইচিছ হৈছে
ডিঙিৰ ওপৰৰ যন্ত্ৰাংশ সম্পূৰ্ণৰূপে বিকল হৈ গৈছে
চিন্তা কৰা বন্ধ
বুজা বন্ধ
মনত পেলোৱা বন্ধ
মনত ৰখা বন্ধ
মগজুৰ স্নায়ুত সামান্যও সাৰ সিকতি নাই
চামুচ ভিতৰলৈ ভৰাই দাঁতত লগাই দিব লাগে
তেতিয়াহে খাদ্য ডিঙিলৈ যায় 
ওপৰৰ যন্ত্ৰাংশ সম্পূৰ্ণৰূপে বিকল হৈ গৈছে
সত্যৰ পেৰালাইচিছ হৈছে

এটা প্ৰকাণ্ড কাঠৰ কুন্দাৰ দৰে
মাথো পৰি ৰয়
ওৰে দিন ওৰে ৰাতি
আপোনাৰ হাতত ধৰি থাকিব বহু সময়
আপোনালৈ চাই থাকিব বহু সময়
আপোনাৰ কথা শুনি থাকিব বহু সময়

এনে লাগিব যেন আপোনাক চিনি পাইছে

একেবাৰে নহয়, সত্যই আপোনাক চিনি নাপায়
চিনি পোৱা ক্ষমতা চিৰ দিনৰ বাবে লুপ্ত হৈ গৈছে
হয়, সত্যৰ পেৰালাইচিছ হৈছে
ইমাৰজেন্সীৰ শ্বক লাগিছে
এনে লাগিছে, এতিয়া একো কামৰ হৈ নাথাকিল আৰু
হয়,  সত্য এতিয়া পৰি থাকিব
মৃতদেহৰ দৰে, স্পন্দনশূন্য মঙহৰ টোপোলা হৈ!

৩০ জুন, ২০২১

No comments:

Post a Comment