Monday, September 13, 2021

ক'লা আইন-২০২০

মূলঃ মধু ৰাঘৱেন্দ্ৰ
অনুঃ বিতোপন গগৈ

চাওক, 
প্ৰতিবাদ কৰাটো বা
আমাক দিল্লী সীমান্তৰ নামবোৰ শিকোৱাটো
খেতিয়কসকলৰ হবি নহয়। 

চাওক, 
এই অতিমাৰীৰ দিনবোৰত
দিল্লীৰ হাড়কঁপোৱা শীতত অথবা 
বৰ্ষাৰ সেমেকা ৰাজপথত বাস কৰাটো
লাঠিৰ কোব খোৱাটো
পানীহিলৈ আৰু কন্দোৱা গেছ সহ্য কৰাটো
খেতিয়কসকলৰ হবি নহয়। 

ঘৰত থকাৰ বিকল্প থকা হ'লে
তেওঁলোক থাকিলহেঁতেন

কিন্তু
তেওঁলোক নিশ্চিত হ'ব খোজে যে
তেওঁলোকৰ ডিঙিত গচকি থকা বুটজোতাবোৰ
আৰু অধিক গধুৰ নহওক। 

চাওক,
মৃত্যুবৰণ কৰাটো খেতিয়কসকলৰ হবি নহয়।

২৮ আগষ্ট, ২০২১
(কৃষি আইন বাতিলৰ দাবীত যোৱা ৯ মাহে অবিৰত ভাৱে প্ৰতিবাদৰত খেতিয়কৰ ওপৰত আজি হাৰিয়ানাত চৰকাৰী বাহিনীৰ নৃশংস আক্ৰমণৰ বিৰোধিতাৰে কিছুদিনৰ আগতে অনুবাদ কৰি থোৱা কবিতাটো পষ্ট কৰিছো।)

No comments:

Post a Comment