Monday, September 13, 2021

সবিনয় নিবেদন

মূলঃ শংখ ঘোষ
অনুঃ বিতোপন গগৈ

মইতো মোৰ শপত ৰাখিছো
আখৰে আখৰে
যিসকল প্ৰতিবাদী সিহঁতৰ জীৱন 
দিছো নৰক কৰি।
আমাৰ দলে দমাই ৰাখিম
আনে ক'ব নোৱাৰিব কথা
বজ্ৰ কঠিন ৰাজ্য শাসনত
এয়াই স্বাভাৱিকতা। 
গুলিৰ বাবে ওৰে ৰাতি
ওৰে দিন খোলা
বজ্ৰ কঠিন ৰাজ্যত
এয়াই শান্তি শৃংখলা। 
যি মৰে মৰক অথবা জীৱন
অতিবাহিত হওক শোকত
মই আজি বিজয়ী, দিছো সকলোৰে জীৱন
নৰক কৰি।

১২ জুলাই, ২০২১

No comments:

Post a Comment