Monday, September 13, 2021

মানুহ পানীৰ বুৰবুৰণি

মূলঃ গুলজাৰ
অনুঃ বিতোপন গগৈ

মানুহ পানীৰ বুৰবুৰণি
আৰু বৈ থকা পানীৰ ওপৰত
বুৰবুৰণিবোৰ ভাগিও যায় ডুবিও যায়
পুনৰ উফন্দি উঠে পুনৰ বৈ যায়
বুৰবুৰণিবোৰক না সাগৰে গিলিব পাৰে
না ইতিহাসে ভাঙিব পাৰে
সময়ৰ তলুৱাত বৈ থকা
মানুহ পানীৰ বুৰবুৰণি। 

১৮ আগষ্ট, ২০২১

No comments:

Post a Comment