Monday, September 13, 2021

ৰাজনীতি

মূলঃ অমৃতা প্ৰীতম
অনুঃ বিতোপন গগৈ

শুনিছো ৰাজনীতি এখন ক্লাচিক চিনেমা
নায়কঃ বহুমুখী প্ৰতিভাৰ অধিকাৰী
সদায় নিজৰ নাম সলায়
নায়িকাঃ শাসনৰ গাদীত তেওঁৱেই থাকে
অন্যান্যঃ লোকসভা আৰু ৰাজ্যসভাৰ সদস্য
ফাইনেন্সাৰঃ দিন হাজিৰা কৰা মজদুৰ, 
শ্ৰমিক, খেতিয়ক
(ফাইনেন্স নকৰে, কৰোওৱা হয়)
সংসদঃ ইনড'ৰ চুটিঙৰ ঠাই
বাতৰি কাকতঃ আউটড'ৰ চুটিংৰ আহিলা

চিনেমাখন মই চোৱা নাই
শুনিছোহে এইখনৰ কথা
কাৰণ চেন্সৰ ব'ৰ্ডৰ মতে এইখন
"প্ৰাপ্তবয়স্কৰ বাবে নহয়"।

No comments:

Post a Comment