Thursday, July 21, 2022

সাধু—খাই কঠালৰ বাদু

—বিতোপন গগৈ

এসময়ত এখন দেশ আছিল
য'ত বৰগছ থকাৰ পাছতো
এৰাগছেই বৰগছ হৈছিল

অদৃশ্য বুলি ভাবি
উলংগ হৈ ঘুৰি ফুৰা
ৰজাজনৰ দৰেই
এই দেশৰ ৰজাজন
কাপোৰ পিন্ধিও উলংগ আছিল

এই দেশৰ সভাসদ সকলৰ
মূৰবোৰ আছিল যদিও
দেখাত গাধৰ দৰে আছিল
গুণী-জ্ঞানীসকলৰ হাতত কলম আছিল যদিও
সেইবোৰ আচলতে একো একোখন খুনী চুৰিহে আছিল

এইদেশৰ বাতৰি যোগনীয়াৰবোৰ
স্বাভাৱিকতেই ৰজাৰ চোৰাংচোৱা আছিল
সিহঁতৰ জিভাবোৰ কুকুৰতকৈও দীঘল আছিল

এই দেশৰ প্ৰজাবোৰ
কাণ থাকিও কলা আছিল
মুখ থাকিও বোবা আছিল
চকু থাকিও অন্ধ আছিল

ইয়াত মন্দিৰবোৰ চৰকাৰী আছিল
বিদ্যালয়বোৰ ব্যক্তিগত আছিল
ইয়াৰ চিকিৎসকবোৰ চৰকাৰী আছিল
চিকিৎসালয়বোৰ ব্যক্তিগত আছিল

ইয়াত বিদ্যলয়বোৰ বন্ধ ৰাখিবলৈ
আৰু মন্দিৰবোৰ খোলা ৰাখিবলৈ
এটা মাত্ৰ আজুহাতেই যথেষ্ট আছিল

এইখন দেশত গছে নহয়
গৰুৱেহে অম্লজানৰ যোগান ধৰিছিল
আৰু সকলো ৰোগৰ ঔষধ আছিল
পবিত্ৰ গো-মুত্ৰ

গৰু আছিল এই দেশৰ প্ৰথম শ্ৰেণীৰ নাগৰিক
সেয়ে দেশৰ সমস্ত বাঘক বন্দী কৰি থোৱা হৈছিল
দ্বিতীয় শ্ৰেণীৰ নাগৰিক আছিল মানুহ
সেয়ে মানুহবোৰে গো-পূজা কৰিব লাগিছিল

কাষৰীয়া দেশৰ ৰজাবোৰে
সীমা থেলি আমনি কৰি থকাৰ বাবে
এই দেশৰ ৰজাজনক
বিশ্ব সম্ৰাট ঘোষণা কৰা হৈছিল

এনেদৰেই সাধুটো আগবাঢ়িছিল
ভিতৰৰ পৰা মায়ে ভাত খাবলৈ মতাত
জোনাক নিশাৰ চোতালত
বহি কৈ থকা সাধুটো
আইতাই ইমানতে সামৰণি মাৰিছিল

সাধুটোৰ শেষ ক'ত জানিবৰ বাবে
কিছুদিন পাছত আইতাক আকৌ
খুন্দনাত তামোল খুন্দি দি ফুচুলাব লাগিল!

(আইতাই যিহেতু ফেচবুক নকৰে, সেয়ে আইতাৰ হৈ এই সাধু সন্দৰ্ভত ঘোষণাটো ময়ে কৰি দিছোঃ এই সাধুৰ সৈতে অতীত বা বৰ্তমানৰ কোনো বাস্তৱিক ঘটনা বা ব্যক্তিৰ কোনো ধৰণৰ সম্বন্ধ নাই। যদি কোনো সাদৃশ্য দেখা পোৱা যায়, সেয়া মাথো কাকতলীয় সংযোগহে!)

১৬ ছেপ্তেম্বৰ, ২০২১

No comments:

Post a Comment