Tuesday, March 30, 2021

মোক চৰকাৰ বনাবলৈ দিয়া

মূলঃ আলহাৰ বিকানেৰী
অনুঃ বিতোপন গগৈ

যিসকল বৃদ্ধ মূৰ্খ নেতা আছে, তেওঁলোকক নৰকলৈ গতিয়াই দিয়া
মাত্ৰ এবাৰ, মাত্ৰ এবাৰ মোক চৰকাৰ বনাবলৈ দিয়া

মোৰ ভাষণৰ লাঠিৰ কোবত
পলাব ভোকৰ ভুত
মোৰ বক্তব্য শুনি ভাগিব
পতি-পত্নীৰ যুঁজ। 

মোৰ আশ্বাসৰ ঔষধৰ
এপালি যদি পায় 
চান্দগী ৰাম*ৰ দৰে শৰীৰ হ'ব
পুৰণি টিবি ৰোগীৰ

দুৰ্বলী জনতাক মিঠা প্ৰতিশ্ৰুতিৰ জুচ খোৱালৈ দিয়া
মাত্ৰ এবাৰ, মাত্ৰ এবাৰ মোক চৰকাৰ বনাবলৈ দিয়া। 

যি কাৰোবাক হত্যা কৰিব
তাক মুক্ত কৰি দিম
প্ৰতি গৰাকী অভিনেত্ৰীক 
প্লাষ্টিক চাৰ্জাৰি কৰাই দিম

ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপক
সকলোৱে চিনেমাৰ গান গাব
প্ৰতি কলেজত চিনেমা
বাধ্যতামূলক বিষয় কৰি দিম

বুৰঞ্জী আৰু বীজ গণিতৰ দৰে বিষয়বোৰ নিষিদ্ধ কৰি দিয়া
মাত্ৰ এবাৰ, মাত্ৰ এবাৰ মোক চৰকাৰ বনাবলৈ দিয়া

যি ভোকাতুৰ, তাক
চাউল ধাৰলৈ দিম
যি মদাহী, তাৰ
ঘৰতে মহল খুলি দিম

চৰকাৰী হস্পিতেলত যি
পোৱা নাই বিচনা
শেষ নিশ্বাস এৰিলেই
তেওঁৰ ঘৰলৈ পথিয়াই দিম এম্বুলেন্স। 

মই জনসেৱক, মোকো অলপ পূণ্য আৰ্জন কৰিবলৈ দিয়া
মাত্ৰ এবাৰ, মাত্ৰ এবাৰ মোক চৰকাৰ বনাবলৈ দিয়া।

*চান্দগী ৰাম এগৰাকী মল্ল যুঁজাৰু

২৭ মাৰ্চ, ২০২১

No comments:

Post a Comment