Saturday, March 20, 2021

ফাগুনৰ ৰ'দ মতলীয়া বুলি কেনেকৈ লিখি দিওঁ কোৱা

মূলঃ অদম গ'ণ্ডৱি
অনুবাদঃ বিতোপন গগৈ

ঘৰৰ শীতল চৌকাত যদি উদং চৰু
ফাগুনৰ ৰ'দ মতলীয়া বুলি কেনেকৈ লিখি দিওঁ কোৱা

ঘূৰি ফুৰে বোবা ভিখাৰীৰ দৰে অনাই বনাই আমাৰ গাঁৱত
এই ফেব্ৰুৱাৰীৰ পুৱা ৰুগ্ন পত্নীতকৈও শেতা

বিদ্ৰোহৰ জুইফুল ফুলি উঠে বুকুৰ শুকান ফুলনিত
শিশুবোৰৰ অশ্ৰুসিক্ত দুচকু মই দেখো যেতিয়া

জ্বলি থকা দেহৰ উত্তাপ কেনেকৈ অনুভৱ কৰো
ভালপোৱাৰ কাহিনীতো এতিয়া নুমাই যোৱা জুইশলাৰ কাঠি। 

১৭ ফেব্ৰুৱাৰী, ২০২১

No comments:

Post a Comment