Saturday, March 20, 2021

 ফেইজ আহমেদ ফেইজ
অনুঃ বিতোপন গগৈ

ক যে তোৰ কণ্ঠ স্বাধীন
ক জিভাখন এতিয়াও তোৰ
তোৰ সুগঢ়ী শৰীৰটো তোৰেই
ক প্ৰাণ এতিয়াও তোৰ
চা কমাৰশালৰ অঙঠাত
তপত হৈ আছে ৰঙা লোহা
খোল খাইছে তলা
সিচঁৰতি হৈ পৰিছে প্ৰতিডাল শিকলিৰ শকতি
ক এই অলপ সময়েই বহুত
মনে-প্ৰাণে মৰি যোৱাৰ আগতেই 
ক সত্য জীয়াই আছে এতিয়াও 
ক যিয়েই ক'বলৈ আছে কৈ দে। 

১৩ ফেব্ৰুৱাৰী, ২০২১

No comments:

Post a Comment