Saturday, March 20, 2021

মৃত মানুহৰ মিছিল

—বিতোপন গগৈ

হঠাৎ মৃত মানুহৰ মিছিল
বাগিচাৰ পৰা চহৰ অভিমুখে আহি থাকোতে
মানুহবোৰ মৃত নাছিল
চহৰত এতিয়া মৃত মানুহৰ মিছিল
কিহৰ দাবীত এই মিছিল
এবটল ফুলি চুলাই নে ৫০০০ টকা
এখন কম্বল নে ১ টকীয়া চাউলৰ দাবীত এই মিছিল

হে সেউজীয়া সোণৰ খনিকৰ
বাগিচাবোৰৰ পৰা চহৰবোৰলৈ
জীয়া মানুহৰ মিছিল হওক
দাবী হওক চহৰখন বাগিচাত হওক
চহৰৰ ধুনীয়া ঘৰবোৰ বাগিচাত হওক
চহৰৰ ফিৰফিৰীয়া পথবোৰ বাগিচাত হওক
চহৰৰ ল'ৰা-ছোৱালীয়ে পঢ়া
বিদ্যালয়বোৰ বাগিচাত হওক
চহৰৰ মানুহে খোৱা পুষ্টিদায়ক খাদ্যবোৰ
বাগিচাৰ মানুহৰ খাদ্য হওক

চহৰত জীয়া মানুহৰ এটা তামাম মিছিল হওক
আৰু চহৰৰ মানুহবোৰে বুজি উঠক
পুৱাৰ ৰঙা চাহকাপৰ ৰং
কাৰ তেজেৰে ৰঙা!

২২ ফেব্ৰুৱাৰী, ২০১৯

No comments:

Post a Comment