Sunday, March 21, 2021

আটাইতকৈ ভয়ংকৰ

মূলঃ পাশ (অৱতাৰ সিং সন্ধু)
অনুবাদঃ বিতোপন গগৈ, ৰীতা শইকীয়া

পৰিশ্ৰমৰ লুণ্ঠন আটাইতকৈ ভয়ংকৰ নহয়
পুলিচৰ মাৰ আটাইতকৈ ভয়ংকৰ নহয়
বিশ্বাসঘাটকতা আৰু লোভৰ হাতোৰা
আটাইতকৈ ভয়ংকৰ নহয়
বহি বহিয়ে সময় পাৰ কৰি ধৰা পৰা বেয়াতো হয়
শীতল নীৰৱতাত ডুব যোৱা বেয়াতো হয়
কিন্তু আটাইতকৈ ভয়ংকৰ নহয়! 

কপটতাৰ হূলস্থুলত
শুদ্ধ হৈয়ো নিশ্চুপ হৈ পৰা বেয়াতো হয়
জোনাকী পৰুৱাৰ পোহৰত পঢ়া 
হাত সাৱটি সময় পাৰ কৰি দিয়া বেয়াতো হয়
আটাইতকৈ ভয়ংকৰ নহয়! 

আটাইতকৈ ভয়ংকৰ হ'ল
মৃত্যুৰ দৰে শান্তিৰে ভৰি পৰা
যন্ত্ৰণা নাইকিয়া হোৱা
সকলোবোৰ সহি যোৱা
ঘৰৰ পৰা ওলাই কামলৈ যোৱা 
আৰু কামৰ পৰা ওভতি ঘৰলৈ অহা
আটাইতকৈ ভয়ংকৰ হ'ল
আমাৰ সপোনবোৰৰ মৃত্যু হোৱাটো
আটাইতকৈ ভয়ংকৰ হ'ল সেই ঘড়ীটো
যি আপোনাৰ হাতত চলি থাকিও 
আপোনাৰ দৃষ্টিত স্তব্ধ হৈ থাকে

আটাইতকৈ ভয়ংকৰ হ'ল সেই চকু
যাৰ দৃষ্টিয়ে পৃথিৱীক মৰমেৰে চুমিবলৈ পাহৰি যায়
আৰু যি এক ঘৃণনীয় পাকচক্ৰত হেৰাই যায়
আটাইতকৈ ভয়ংকৰ হ'ল সেই গীত
যাক মালিতাৰ দৰে পঢ়া হয়
যি আতংকিত মানুহৰ দুৱাৰত 
গুণ্ডাৰ দৰে খুন্দিয়াইগৈ
আটাইতকৈ ভয়ংকৰ হ'ল সেই জোন
যি প্ৰতিটো হত্যাকাণ্ডৰ পাছত
নিস্তব্ধ চোতাল আবৰে
কিন্তু যাৰ পোহৰে আপোনাৰ দুচকুত
জলকীয়াৰ দৰে নোপোৰে। 

আটাইতকৈ ভয়ংকৰ হ'ল সেই দিশ
য'ত আত্মাৰ সূৰ্য্য অস্ত যায়
আৰু যাৰ মৃত ৰ'দৰ কোনো টুকুৰাই
আপোনাৰ দেহৰ আঘাত কৰে

পৰিশ্ৰমৰ লুণ্ঠন আটাইতকৈ ভয়ংকৰ নহয়
পুলিচৰ মাৰ আটাইতকৈ ভয়ংকৰ নহয়
বিশ্বাসঘাটকতা আৰু লোভৰ হাতোৰা
আটাইতকৈ ভয়ংকৰ নহয়!

No comments:

Post a Comment