Saturday, March 20, 2021

সংসদ গীত

মূলঃ গোৰখ পাণ্ডে
অনুবাদঃ বিতোপন গগৈ

সাৱধান! 
সংসদ বহিছে, আলোচনা চলি আছে
ভিতৰলৈ কিছু চকী অনোৱা
বাহিৰত নতুন কাৰাগাৰ তৈয়াৰ কৰোৱা
বান্ধি পেলোৱা জুপুৰীৰ পোহৰ
প্ৰাসাদৰ উজ্জ্বলতা ৰক্ষা কৰা
অৰণ্যত উখলমাখল লাগিছে
জুই জ্বলিছেনে ভোক জ্বলিছে? 

জনতালৈ খবৰ আহিছে
তোমালোক একদম আৰামত মৰা
কিন্তু নিজৰ ৰাজত্ব চলিবলৈ
তোমালোকে আমাক নিৰ্বাচিত কৰা
ক্ষমতাই নিৰ্বাচিত হাতেৰে 
তেল মাৰিছেনে তেজ মাৰিছে? 

বুটজোতাৰে সকলোকে গচকি 
খেলি আছে নকল স্বাধীনতাই
মাতৃভূমিক বেছিলে যি
খাদী পিন্ধি নেতা হৈ গ'ল সি
খালী হৈ যোৱা চৰুত 
দেশ উতলিছেনে দাইল উতলিছে? 

গাদী, আইন আৰু টকাৰ মহাজোঁটক
ধূলিৰ লগত মিলাই দিয়া
এইয়া ঠগৰ ৰাজধানী
ধূলিসাৎ কৰি দিয়া
চাই লোৱা প্ৰপঞ্চ আঁচনি
শস্য অংকুৰিত হৈছেনে মৃত্যু অংকুৰিত হৈছে!

৯ ফেব্ৰুৱাৰী, ২০২১

No comments:

Post a Comment