মূলঃ কিতাবগঞ্জ
অনুঃ বিতোপন গগৈ
মিষ্টাৰ আম্বেদকাৰ
আপোনাৰ কিতাপত
এইটোতো মহা বিপদজনক
কথা আছে—
এই যে
সমগ্ৰ মানৱ জাতিৰ
একেই আধাৰ,
এই যে
কোনোৱে কাকো
নকৰিব অত্যাচাৰ,
যাৰ যাকেই মন যায়
কৰিব প্ৰেম।
এই যে
অধিকাৰ পাওক
প্ৰতিজন শোষিতই
মাটি পাওক
প্ৰতিজন কৃষকে,
নদী আৰু অৰণ্য পাওক
তাৰ নিবাসীয়ে
আহাৰ পাওক
প্ৰতিজন নাগৰিকে।
এনেকুৱা কেনেকৈ হ'ব
যি ক'তো হোৱা নাই
সেয়া কেনেকৈ হ'ব?
মানৱ সভ্যতাতো সদায়
মালিকৰহে সভ্যতা হৈ আহিছে
মিষ্টাৰ আম্বেদকাৰ
খাটিখোৱাসকলৰ কাহিনী
এতিয়াও মৃত্যুৱেই হৈ আছে!
বৰ ভয়ংকৰ
আপোনাৰ অভিপ্ৰায়
মিষ্টাৰ আম্বেদকাৰ,
কওক
আপোনাৰ এই ৰঙীন চিন্তাৰ
যাদুকৰী দেশখন
ক'ত?
No comments:
Post a Comment