Monday, December 5, 2022

পৰিবৰ্তন

মূলঃ কিতাবগঞ্জ
অনুঃ বিতোপন গগৈ

ৰজা নাঙঠ নহয়
তেওঁ পিন্ধে অদৃশ্য সাজ—
যি মাথো
বুদ্ধিমান লোকেহে দেখে।

যেনেকৈ এখন দলং
ব্যৱস্থা ব্যৰ্থতাৰ বাবে নহয়
লৰি লৰিয়েই
ভাগি থাকে।

আমাৰ সময়ত
কবি
সংবাদদাতা হৈ গৈছে
আৰু সংবাদদাতা
কবি হৈ যোৱা দেখা গৈছে।

১ নৱেম্বৰ, ২০২২

No comments:

Post a Comment