Sunday, December 4, 2022

কবিতা

মূলঃ কিতাবগঞ্জ  অনুঃ বিতোপন গগৈ

আমি কবিতাবোৰত
প্ৰেম আৰু বিপ্লৱৰ কথাই বেছিকৈ কওঁ
কাৰণ
প্ৰেম আৰু বিপ্লৱ কেতিয়াও শেষ নহয়।

আৰু
যি অসীম অনন্ত আধৰুৱা
সেয়া মাত্ৰ কবিতাৰেহে বুজিব পাৰি।

সেইবাবে
ঈশ্বৰৰ কিতাপবোৰ
কোৰাণ বাইবেল বেদ
সকলোবোৰ মাথো কবিতা।

২৮ অক্টোবৰ, ২০২২

No comments:

Post a Comment