Monday, December 5, 2022

কবিতা

মূলঃ কিতাপগঞ্জ
অনুঃ বিতোপন গগৈ

চৰকাৰ বাহাদুৰে ভাবে
যে কবিতা
তেওঁৰ বিৰুদ্ধে লিখা হৈছে।

মোৰ প্ৰেমিকাৰ সন্দেহ
কবিতা আন কাৰোবাৰ বাবে
লিখা হৈছে।

এইটো ঠিক যে
চৰকাৰ আৰু মোৰ প্ৰেমিকাৰ ভিতৰত
এজনেতো
সঁচা কথাটো জানে!

১১ নৱেম্বৰ, ২০২২

No comments:

Post a Comment