Monday, December 21, 2020

চৰকাৰৰ নিৰৱতা

মূলঃ শংকৰানন্দ
অনুবাদঃ বিতোপন গগৈ

যদি সাগৰ হ'লহেঁতেন
গৰজিলেহেঁতেন
নদী হোৱা হ'লে বৈ থাকিলহেঁতেন
মাতিলেহেঁতেন
চৰাই হোৱা হ'লে
গীত গালেহেঁতেন দিন ৰাতি
বতাহ হোৱা হ'লে 
ৰু ৰুৱাই থাকিলহেঁতেন
যদি কোনো কেচুৱা হ'লহেঁতেন
কান্দোনত আকাশ পাতাল এক কৰি দিলেহেঁতেন
কোনো নাৰী হোৱা হ'লে
নিশ্চয় বিয়নীমেল পাতিলেহেঁতেন
কোনো পাহাৰ হোৱা হ'লে
চিঞৰিলেহেঁতেন

এই চৰকাৰৰ নিৰৱতা
সীমাহীন
যিয়ে হৈ যাওক
মুঠতে নিমাত

1 comment: