Monday, December 21, 2020

ভয় কিয় ইমান

মূলঃ পৰাক্ৰম সিং
অনুবাদঃ বিতোপন গগৈ

ভয় কিয় আমালৈ ইমান
যে আমাৰ কথাও শুনিব নিবিচাৰা
যেতিয়া আমি অধিকাৰৰ কথা কওঁ
কণ্ঠ আমাৰ ৰুদ্ধ কৰিব খোজা

এতিয়াতো স্বাধীন দেশ আমাৰ
তেন্তে কিয় তোমালোকে ব্ৰিটিছ শাসন চলোৱা
মূৰ তুলি যেতিয়া আমি আমাৰ কথা কওঁ
কিয় তোমালোকে আমাৰ ওপৰত লাঠিচাৰ্জ কৰা

আমি সেই দেশৰ নাগৰিক
যি দেশত "জয় জোৱান জয় কিষান" শ্লোগান দিয়া হয়
এতিয়া তোমালোকে পানীৰ বৰটোপে আমাক স্তব্ধ কৰিব বিচাৰা
লাঠিচাৰ্জেৰে আমাক ভয় খোৱাব খোজা
এনেয়ো আমি তেজ-ঘামৰ লগৰী
এইবিলাকেৰে আমাক কি ভয় খোৱাবা? 
নিষ্ঠুৰ বতৰৰ প্ৰচণ্ড শীতেনো আমাৰ শইচ সিঁচা দেহক কি যাতনা দিব? 
তোমালোকৰ এই কন্দোৱা গেছে আমাক কি কন্দোৱাব? 
আমাৰ চকুপানী কেতিয়াবাই শুকাল
থৈ দিয়া এইবিলাক
আন কোনো প্ৰতিবাদৰ কণ্ঠৰুদ্ধ কৰিবলৈ তোমালোকৰ কামত আহিব

কৈ দিয়া কিহৰ বাবেনো  অপৰাধী আমি
চোৰ নহয়, নহয় ঠগ
কৃষক আমি
খাদ্য উৎপাদন কৰো তোমালোকৰ বাবে
যদি মানুহৰ অধিকাৰৰ কথা কোৱাতো অপৰাধ
তেন্তে এই শাসনৰ পৰা প্ৰৱঞ্চনাৰ দুৰ্গন্ধ ওলাই
কোনো অদৃশ্য শিকলিৰে আমাক বন্ধাৰ ষড়যন্ত্ৰ দেখা পাওঁ
যদি আমাৰ বাবে কিবা কৰিব পাৰা
তেন্তে আমাৰ সৈতে কণ্ঠ বলিষ্ঠ কৰা
কথা ক'বলৈ আমি পাওঁ অধিকাৰ
সেই ঘোষণা মনত ৰাখা

পুনৰ সুধিছো
ভয় কিয় আমালৈ ইমান
যে আমাৰ কথাও শুনিব নিবিচাৰা
যেতিয়া আমি অধিকাৰৰ কথা কওঁ
কিয় কণ্ঠ আমাৰ ৰুদ্ধ কৰিব খোজা?

৯ ডিচেম্বৰ, ২০২০

No comments:

Post a Comment