Monday, December 21, 2020

এজন খেতিয়ক দেউতাকে পুতেকক দিয়া কেইটামান দিহা

মূলঃ কেদাৰনাথ সিংহ
অনুবাদঃ বিতোপন গগৈ

মোৰ পুতাই
কুঁৱালৈ কেতিয়াও নুজুমিবি
সেইফালে কেতিয়াও নাযাবি
যিফালে উৰি গৈ থাকে
ক'লা ক'লা কাউৰী

সেউজীয়া পাত
কেতিয়াও নিচিঙিবি
আৰু চিঙিলেও এনেকৈ চিঙিবি
গছে যাতে
অকণো দুখ নাপায়

ৰাতি যেতিয়া ৰুটি খাবি
তেতিয়া প্ৰথমে মূৰ দোঁৱাই
ঘেহুঁৰ গছবোৰলৈ মনত পেলাই ল'বি

যদি কেতিয়াবা
ৰঙা পৰুৱা দেখ
তেতিয়া বুজিবি
ধুমুহা আহিব

যদি বহুকেইটা ৰাতি
শিয়ালৰ মাত নুশুন
জানি ল'বি
বেয়া দিন আহিব

মোৰ পুতাই
বিজুলীৰ দৰে কেতিয়াও নপৰিবি
আৰু যদি পৰিও যাৱ
ডুবাৰুৰ দৰে উঠি আহিবলৈ
সদায় সাজু থাকিবি

কেতিয়াবা অন্ধকাৰত
যদি পথ হেৰুৱাৱ
ধ্ৰুৱতৰাৰ ওপৰত নহয়
কেৱল দূৰৰ পৰা অহা
কুকুৰৰ ভুক ভুকনিৰ শব্দক
বিশ্বাস কৰিবি

মোৰ পুতাই
বুধবাৰে উত্তৰলৈ কেতিয়াও নাযাবি
নাযাবি দেওবাৰে পশ্চিমলৈ

আৰু আটাইতকৈ ডাঙৰ কথা মোৰ পুতাই
লিখি হোৱাৰ পাছতে
এই শব্দবোৰ মোহাৰি পৰিষ্কাৰ কৰি পেলাবি
যাতে কাইলৈ যেতিয়া সূৰ্যোদয় হ'ব
তেতিয়া তোৰ ফলিখন
আনদিনাৰ দৰে
স্বচ্ছ হৈ
চিকমিকাই থাকে।

No comments:

Post a Comment