Sunday, January 5, 2020

আমি চাই ল'ম

মূলঃ ফেইজ আহমদ ফেইজ
অনুবাদঃ বিতোপন গগৈ

আমি চাই ল'ম
নিশ্চিত ভাৱেই আমিও চাই ল'ম
সেই দিন, যি দিনৰ প্ৰতিশ্ৰুতি দিয়া হৈছে
যি কথা লিখা হৈছে সময়ৰ দীঘলীয়া পাতত

স্বৈৰতন্ত্ৰৰ বিশাল পাহাৰ
যি দিনা শিমলু তুলা হৈ উৰি যাব
নিষ্পেষিত জনতাৰ ভৰিৰ তলত
যি দিনা পৃথিৱী থৰ থৰ কঁপিব
আৰু আমাৰ শাসকৰ মূৰৰ ওপৰত
যি দিনা বিজুলীয়ে অট্টহাস্য কৰিব

যি দিনা ঈশ্বৰৰ ঘৰৰ পৰা
ভণ্ড ঈশ্বৰক উলিয়াই পঠিওৱা হ'ব
সিদিনা আমি ঈশ্বৰৰ নিষিদ্ধ উপাসক
গাদীত বহিম
সকলো ৰাজ মুকুট দলিয়াই পেলাম
আৰু সিংহাসন বগৰাই দিম

মাত্ৰ নাম থাকিব ঈশ্বৰৰ
যি আছেও নাইও
যি প্ৰদৰ্শকো দৰ্শকো
সকলোতে গুঞ্জৰিত হ'ব "ময়ে সত্য"
যি ময়ো আৰু তুমিও
আৰু শাসন কৰিব ঈশ্বৰৰ প্ৰকৃত সন্তানে 
যি মইও আৰু তুমিও

2 comments:

  1. খুব সুন্দৰ ককাই...

    ReplyDelete
    Replies
    1. বহুত বহুত ধন্যবাদ!

      Delete