Tuesday, April 28, 2020

সকলো মনত হ'ব

মূলঃ আমিৰ আজিজ
অনুবাদঃ বিতোপন গগৈ

সকলো মনত ৰখা হ'ব
সকলোবোৰ মনত ৰখা হ'ব
তহঁতৰ লাঠি আৰু গুলিৰে
যি সকল বন্ধুক হত্যা কৰা হ'ল
সিহঁতৰ স্মৃতিৰে
আমাৰ হৃদয় জ্বলাই ৰখা হ'ব

আমি জানো
তহঁতে চিঁঞাহীৰে অসত্য লিখিবি
কিন্তু সত্যও লিখা হ'ব
সেয়া আমাৰ তেজেৰেই নহওক কিয়

মোবাইল ইণ্টাৰনেট টেলিফোন
ভৰ দুপৰীয়াই বন্ধ কৰি
ঘনঘোৰ আন্ধাৰ নিশা
সমগ্ৰ চহৰ নজৰবন্দী কৰি
হাতত হাতুৰী লৈ
ঘৰলৈ নিৰ্বিঘ্নে সোমাই আহি
মোৰ সহজ-সৰল জীৱনটোক
তচনচ কৰা
মোৰ প্ৰিয়তমাক
মাজ ৰাস্তাত মাৰি থৈ গৈ
ভিৰৰ মাজত ঠিয় হৈ
নিৰ্লিপ্ত ভাৱে হাঁহি থকা
এই সকলো মন ৰখা হ'ব
সকলোবোৰ মনত ৰখা হ'ব

দিনৰ পোহৰত সমুখত মিঠা মিঠা কথাৰে
হাঁহি হাঁহি সকলো ঠিকে আছে বুলি কৈ
আন্ধাৰ হোৱাৰ লগে লগে
অধিকাৰ বিচৰা সকলৰ ওপৰত
লাঠি গুলি চলোৱা
আমাৰ ওপৰত আক্ৰমণ কৰি
আমাকে আক্ৰমণকাৰী সজোৱা
এই সকলো মনত ৰখা হ'ব
সকলোবোৰ মনত ৰখা হ'ব

এইকথাও মনত ৰখা হ'ব
কি কি ধৰণে তহঁতে
দেশ ভঙাৰ ষড়যন্ত্ৰ কৰিছ
আৰু এইকথাও মনত ৰখা হ'ব
কি কি ধৰণে আমি
দেশ ৰক্ষাৰ চেষ্টা কৰিছো

সকলো মনত ৰখা হ'ব
যেতিয়াই ভীৰুতাৰ কথা কোৱা হ'ব
তেতিয়া তহঁতৰ কাম মনত ৰখা হ'ব
আৰু যেতিয়া জীৱন যুঁজৰ কথা কোৱা হ'ব
আমাৰ কথা মনত ৰখা হ'ব
মনত ৰখা হ'ব যে
কিছু মানুহ আছিল
যাৰ দৃঢ়তাক লোহাৰ হাতুৰীৰেও
ভাঙিব পৰা নাছিল
যাৰ আত্মাক কিনিব পৰা নাছিল
শাসনৰ ঠিকাদাৰে
কিছু মানুহ আছিল
ধুমুহা আহি গুছি যোৱালৈ
যি মাটি খামুচি থিয় হৈ আছিল
যি জীয়াই আছিল
নিজৰ মৃত্যুৰ খবৰ অহাৰ পাছতো

চকুৱে পলক পেলাবলৈ পাহৰি যাব পাৰে
পৃথিৱীয়ে আৱৰ্তন কৰিবলৈ পাহৰি যাব পাৰে
কিন্তু আমাৰ কটা দুভৰিৰ শিপাক
আৰু ভগা কণ্ঠৰ মাতক
মনত ৰখা হ'ব
সকলো মনত ৰখা হ'ব
সকলোবোৰ মনত ৰখা হ'ব

তহঁতে আন্ধাৰ লিখ
আমি পোহৰ লিখিম
জেলত ভৰা
আমি দেৱালতো লিখিম
এফআইআৰ লিখ
আমিও সাজু লিখিম

তহঁতে আমাক হত্যা কৰ
আমি প্ৰেতাত্মা হৈ লিখিম
হত্যাৰ সকলো প্ৰমাণ লিখিম
তহঁতে আদালতত ব্যংগ লিখ
আমি দেৱালত ন্যায় লিখিম
এনেকৈ ক'ম যে কলাইও শুনিব
এনেকৈ লিখিম যে অন্ধইও পঢ়িব
তহঁতে ক'লা কমল লিখ
আমি ৰঙা গোলাপ লিখিম
পৃথিৱীত তহঁতে অত্যাচাৰ লিখ
আমি আকাশত বিপ্লৱ লিখিম

সকলো মনত ৰখা হ'ব
সকলোবোৰ মনত ৰখা হ'ব
যাতে তহঁতৰ নামত ধিক্কাৰ দিয়া হয়
যাতে তহঁতৰ মৰিশালিত
সেই কলংক লিখি ৰখা হয়
তহঁতৰ নাম
তহঁতৰ মৰিশালি
সকলো বিলাক সংৰক্ষিত কৰি ৰখা হ'ব
যাতে তহঁতৰ নাম ঘৃণাৰে মনত পেলোৱা হয়

সকলো মনত ৰখা হ'ব
সকলো কথাই মনত ৰখা হ'ব

No comments:

Post a Comment