Tuesday, April 28, 2020

প্ৰশ্ন নুসুধিবা

প্ৰশ্ন নুসুধিবা
নুসুধিবা ভোকাতুৰৰ ভাত ক'ত
এতিয়া ইমাৰজেন্সী
এতিয়া আমাৰ কথাই শিলৰ ৰেখা

আজাৰৰ পৰা বাচিব বিচাৰা যদি
প্ৰশ্ন নুসুধিবা
ভোক মাথো বেপাৰ
সেই বেপাৰ আমাৰ
ভোকৰ কথা নুসুধিবা
ভাত নাই যদি কেক খোৱা
কিন্তু প্ৰশ্ন নুসুধিবা

প্ৰশ্ন নুসুধিবা
টেক্সৰ টকা ক'ত
দেশপ্ৰেম দেখুওৱা
দান দিয়া
হিচাপ নিবিচাৰিবা

মেলাৰ বাবে খেলাৰ বাবে
আমাৰ আছে শ কোটি
দেশৰ বাবে তোমালোকে দিবা
মাথো প্ৰশ্ন নকৰিবা
প্ৰশ্ন মানেই ৰাজনীতি
আৰু এতিয়া ৰাজনীতি
আমাৰ একচেতীয়া অধিকাৰ

প্ৰশ্ন নুসুধিবা
প্ৰশ্ন সুধি
ৰাজনীতি নকৰিবা
নাগৰিকৰ অধিকাৰৰ কথা নুসুধিবা
নুসুধিবা ডাক্তৰৰ সুৰক্ষাৰ কথা

প্ৰশ্ন নুসুধিবা
দেশত এতিয়া ইমাৰজেন্সী
তোমালোকৰ বাবে সকলো বন্ধ
ভাত বন্ধ প্ৰশ্ন বন্ধ
খোলা মাথো বেমাৰ

প্ৰশ্ন নুসুধিবা
এতিয়া দেশত ইমাৰজেন্সী
প্ৰশ্ন সুধিবা
ৰাজনীতি কৰিবা
ৰঙাঘৰলৈ বাট বুলিবা

যদি সুধিবই লাগে
আমি সুধিম প্ৰশ্ন
কিয় নুশুনিবা আমাৰ কথা
কিয় নানাচিবা আমাৰ আঙুলিৰ ঠাৰত

প্ৰশ্ন নুসুধিবা
দেশত এতিয়া ইমাৰজেন্সী
দেশত এতিয়া ৰাজত্ব চলিব কেৱল
বেমাৰ আৰু আমাৰ

৭ এপ্ৰিল, ২০২০

No comments:

Post a Comment