তই ধৰ্ষিতা হ'লেও
মোৰ বাবে আজীৱন
সেউজীয়া চৰাই হৈ ৰ'বি
তই শাৰীৰিক ভাৱে ধৰ্ষিতা হ'লে
মানসিক ভাৱে ধৰ্ষিত হ'ম মই
তোৰ চিৰাচিৰ হোৱা হৃদয়খন
সী ল'ম মোৰ ভালপোৱাৰ বেজীৰে
তোৰ চকুলোৰে মোৰ বুকু ভৰাম
আৰু দুখবোৰ পি খাম
তই নাভাবিবি
মোৰ সাজপানী খোৱা ওঁঠে
পিব নোৱাৰিব তোৰ দুখ
সাজপানী খালেও
এই ওঁঠে বজাব জানে
ভালপোৱাৰ বাঁহীত
আকলুৱা সুৰ
তোৰ আৰু মোৰ মাজত
'মানবীয়তা'!
নালাগে থাকক দে
'ভালপোৱা' খিনিয়ে যথেষ্ট নহ'ব জানো
মোৰ বুকুত তই বাহ সাজিবলে
তই ধৰ্ষিতা হ'লে
কলেজ গেটৰ কবিতাবোৰ
বিদ্ৰোহী হৈ উঠিব
তৰাবোৰ ফিৰিঙতি হৈ জ্বলিব
কবিতাবোৰে প্ৰতিশোধ ল'ব
উমি উমি জ্বলি থকা কবিতাবোৰ
বিস্ফোৰিত হ'ব
তই ধৰ্ষিতা হোৱাৰ বাতৰি
বিয়পি পৰাৰ লগে লগে
ফাঁচীবজাৰৰ ৰঙা গোলাপবোৰ
আৰু অধিক তেজাল হৈ পৰিব
আনকি বগা ৰজনীগন্ধাইও বৰণ সলাব
ফুটপাথত অতবোৰ 'মানুহ' থাকোতে
তোক কোনে উলংগ কৰিব পাৰে ৰাজপথত
মনেৰে তই জীৱন যুঁজৰ
যি সাজ কবচ পিন্ধিলি
কাৰ সাধ্য তোক চুব পৰাৰ
তই ধৰ্ষিতা হ'লেও
ভালপাম তোক
মোৰ চকুলোৰে ধুই ল'ম তোক
জোনাকৰ বৰষুণ উটাই দিম
আমাৰ সমস্ত দুখ
দেহেৰে ধৰ্ষিতা হ'লেও
মনেৰে তই মোৰ
আগৰে সোণ
কিয় লাগে সৰগৰ দুৱাৰ
আহ, তয়ে ময়ে মিলি ইয়াতে ৰচিম
এখন সেউজীয়া পথাৰ
জুলাই, ২০১৫
No comments:
Post a Comment