Tuesday, April 28, 2020

এইবাৰ আৰু ফাগুনক লৈ কবিতা লিখা নাযায়

ফাগুনৰ আগুনে এইবাৰ চাৰখাৰ কৰি দিলে পৃথিৱী
ফাগুনৰ আকাশ এইবাৰ ক'লা ধোঁৱাৰে ধূসৰিত
ফাগুনৰ জুই এইবাৰ ঘৰবোৰত লাগিল
জুইফুল কিতাপবোৰত ফুলিল
ফাগুনৰ উদাস মনবোৰ এইবাৰ উগ্ৰ হৈ পৰিল
এইবাৰ ফাগুন বদনামী হৈ গ'ল
কবিতা লিখা ফাগুনৰ হাতত এইবাৰ চিকমিকাই থকা তৰোৱাল
ফাগুনৰ ৰু ৰু পচোৱাত পোৰামঙহৰ গোন্ধ
মলয়াৰ সৈতে চিটিকি পৰে এচিড অথবা পেট্ৰল বোমা
ফাগুনৰ ধুলিৰ সলনি মুখত আহি পৰে ইটাৰ টুকুৰা
ফাগুনৰ ফুলবোৰত তেজে কৰাল মাৰিলে

আধা জ্বলা ফুলৰ পাপৰি
সিঁচৰিত কিতাপৰ পৃষ্ঠা
ধৰ্মৰ জুয়ে পোৰা ধৰ্মহীন মৃত কুকুৰটো
গাত চাৰিশটা ক্ষত চিহ্নৰে ডেকা মৃতদেহটো
দেউতাৰ শতচ্ছিন্ন মৃতদেহ সমুখত লৈ বহি থকা শিশুটো
দেউতাকে বব নোৱাৰাকৈ গধুৰ হৈ যোৱা দুই পুত্ৰৰ শৰ চাঙিখন
এচিডে পোৰা চকুযোৰ
আৰ্তনাদ আট্টহাস্য চকুপানী আসুৰিক উল্লাস
‌—এইবোৰ
এইবোৰেৰে বদনামী ফাগুনক লৈ
কি কবিতা লিখা যায়!
এইবাৰ আৰু কবিতা লিখা নাযায়
এইবাৰ ফাগুনক লৈ কবিতা লিখা নাযায়

১ মাৰ্চ, ২০২০

No comments:

Post a Comment