Saturday, May 30, 2020

মানুহ মৰাটো বৰ সহজ

মানুহ মৰাটো বৰ সহজ হৈ পৰিল‌
ঠিক বতাহ বলাৰ দৰেই!

পানী দ লৈ ববই
মানুহ নাখাই মৰিবই
বৰ সহজ!

আমি ফেচবুকত চাম
চেড ৰিয়েক্ট কৰিম
কবিতা লিখিম
লাইক ল'ম
বৰ সহজ!

ৰাজপথত পৰি ৰ'ব মৃত শিশু
ৰাজপথতে জন্ম হ'ব নৱজাতক
আমি টিভিৰ সমুখত বহি
ঘৰতে বনোৱা ৰসগোল্লা এটা মুখত ভৰাই
ইঃ ইঃ আঃ আঃ কৰিম

খোজেৰে চাইকেলেৰে
ঘৰলৈ ঘূৰা ল'ৰাবোৰে
ফেচবুক লাইভ কৰি দুৰ্দশাৰ কথা ক'ব
আমি বেমাৰ লৈ
ঘৰলৈ নাহিবি বুলি গালি পাৰিম

চৰকাৰী ৰেল ভাৰা ভৰিব নোৱাৰি
খোজেৰে ঘৰলৈ বাট বোলা শ্ৰমিকৰ মৃত্যুত
আমিয়ে চৰকাৰক গালি পাৰিম
কোনোবাই পিএম কেয়াৰৰ হিচাপ বিচাৰিলে
আমিয়ে দেশদ্ৰোহী বুলি গালি পাৰিম

মহামাৰীত মৰিছে
মহামাৰীৰ বাবেই চিকিৎসা নাপাই
মৰিছে আন ৰোগী
মৰিছে ভাত এগৰাহ নাপাই
ভাত-কাম হেৰুৱাই ঘৰলৈ ঘূৰোতে
বাটত মৰিছে
মুঠতে সকলো ফালে এতিয়া মানুহ মৰিছে
একেবাৰে সহজে‌

আৰু আমি ভাতৰ লগত পানী খাইছো
চাহৰ লগত লুচী
কিছু অন্তৰ্দ্বন্দত ভুগিছো
দুখ কৰিছো
শুই গৈছো

পুৱা উঠি মহামাৰীৰ গ্ৰাফ পৰীক্ষা কৰিছো
উদ্বিগ্ন হৈছো
জীৱিকাৰ তাৰণাত
ওলাই যোৱাবোৰক সমালোচনা কৰিছো
পুনৰ চাহ ভাত আড্ডা
ফেচবুক টিকটক্ ইনষ্টাগ্ৰাম
সহজে পাৰ হৈ গৈছে দিনটো

ঠিক একেদৰেই সহজে মৰিছে মানুহ
পাইকাৰী হাৰত
কালি ১৭
আজি ২৪
আমনি লাগি গৈছে আৰু
মৰা মানুহৰ হিচাপ দেখি!
কিমাননো নমৰে আৰু ইহঁতি!

হয়, এতিয়া মানুহ মৰাটো বৰ সহজ
এক্কেবাৰে ভাতৰ সৈতে পানী খোৱাৰ দৰে!

১৬ মে' ২০২০

No comments:

Post a Comment