Thursday, June 4, 2020

আহ দগাবাজ গ্ৰেপ্তাৰ কৰ মোক

কমৰেড মোৰ বুকুৰ আপোন
লাল চালাম মোৰ নিদ্ৰাহীন দুচকুৰ সপোন
আহ দগাবাজ গ্ৰেপ্তাৰ কৰ মোক!

ফ্ৰান্সৰ ৰাজপথৰ পৰা চোভিয়েট হৈ
ভিয়েটনামৰ খেতি পথাৰত অগনন কমৰেড
কিউবাৰ পৰা বলিভিয়াৰ ঘন জংঘল হৈ
আজি দেশে দেশে অগনন লাল চালাম

নাপাম বোমাৰে তহঁতে শেষ কৰিব নোৱাৰিবি
কমৰেডৰ স্ৰোত
ৰঙা কমৰেড ৰক্তবীজৰ সঁচ
যিমানে মাৰিবি সিমানে মূৰ দাঙি উঠিব কমৰেড
সাৱধান দগাবাজ!

বুটজোতা-বেয়নেটেৰে ৰোধিব নোৱাৰিবি
ৰক্তিম অভিবাদনক
ৰঙা সুৰুযৰ সপোন নহয় ইমান থুনুকা

পশ্চিম ভাৰ্জিনিয়াৰ কয়লা খনি অথবা
কপহুৱাটিঙৰ চাহ বাগিচাত উৰা ৰক্ত পতাকাখন
জাননে কাৰ তেজেৰে ৰঙা
খাতিখোৱা জনতাৰ তেজেৰে ৰঙা

কিমান ভয় দেখুৱাবি
ক'লা আইনৰ
ভয় আচলতে তহঁতৰ
ডুুব যাব তহঁতৰ ভুৱা সূৰ্য
উদিত হ'ব কমৰেডৰ ৰঙা সূৰ্য
সকলোতে মাথো গুঞ্জৰিত হ'ব
লাল চালাম

কিমান বাধা দিবি
হাজাৰ বাৰ চিঞৰিম
কমৰেড
লাল চালাম লাল চালাম লাল চালাম
আহ দগাবাজ গ্ৰেপ্তাৰ কৰ মোক!

No comments:

Post a Comment