Friday, September 29, 2017

বেনাম ৰাভা



  : বিষ্ণু ৰাভা কোন?
: কোন বে?
: আব্বে কলাগুৰু!
: সেই যে "পৰজনমৰ শুভ লগনত" বুলি ট্ৰেজেডী ফালিছিল!
 : ধেত্, তেওঁ কিবা এটা মন্দিৰৰ দুৱাৰ খোলা পূজাৰী আছিল!
: ধুইই.. তহঁতে নাজান! সেই যে চন্দে চন্দে নচাৰ কথা কৈছিল! তেওঁ আচলতে নাচ-গানৰ মানুহহে আছিল।
: বুৰ্বকহঁত‌, তেওঁ কলাগুৰু আছিল। সাহিত্য-সংস্কৃতিৰ মানুহ ‌অ'! দেখা নাই চৰকাৰৰ পৰা আদি কৰি দল-সংগঠন, এনজিঅ', স্থানীয় কিবাকিবি সমিতি সকলোৱে ৰাভা দিৱস পাতি সাহিত্য-সংস্কৃতিৰ আলোচনা কৰে, গীত-কবিতাৰ প্ৰতিযোগিতা পাতে! সাংস্কৃতিক দিশত অৱদান আগবঢ়োৱা ব্যক্তিক চৰকাৰে তেওঁৰ নামত বটাঁও দিয়েতো!
            হয়, এয়াই বৰ্তমানৰ বিষ্ণু ৰাভা! ককাঁলত গৰুৰ পঘা লগাই চুচৰাই ৰাষ্ট্ৰই হত্যা কৰিলে এবাৰ; আৰু এতিয়া সেই ৰাষ্ট্ৰৰ নাগৰিকে আকৌ এবাৰ, বাৰ বাৰ হত্যা কৰিছে বিষ্ণু ৰাভাক! যেনেদৰে পুঁজিবাদৰ ঠিকাদাৰ সকলে নিষ্পেষিত জনতাৰ বাবে বন্দুক তুলি লোৱা চে গুৱেভাৰাক মুখত জলন্ত চিগাৰেট লৈ টুপী পিন্ধা ৰ'ল মডেল সাজি টি-চাৰ্টত আঁৰিছে, আজীৱন শোষিত জনগণৰ বাবে গীত গোৱা বব মাৰ্লেক ভঙুৱা জঁটাধাৰী সাজি টেটু ষ্টিকাৰ কৰিছে, ঠিক তেনেদৰে এহাতে কলম, এহাতে ষ্টেনগান লৈ কৃষক-বনুৱাক মুক্তিৰ পথ দেখুওৱা বিষ্ণু ৰাভাক আজি মাথো 'নাচ-গানৰ মাষ্টৰ' কৰা হ'ল। যি স্বাধীনতাই নিষ্পেষিত জনতাক আজিলৈকে শোষণৰ পৰা স্বাধীনতা নিদিলে সেই ৪৭ৰ স্বাধীনতা ভুৱা বুলি জানিয়ে ৰাভাই সেই সময়ত হাতত ষ্টেনগান তুলি লৈছিল। আৰু ৰাভা হৈ পৰিছিল দেশদ্ৰোহী! যি ৰাষ্ট্ৰই ৰাভাক দেশদ্ৰোহী আখ্যা দিছিল, সেই ৰাষ্ট্ৰয়েই আজি আকৌ বিষ্ণু ৰাভা দিৱস পাতে! কিয়? এয়া চিন্তাধাৰা হত্যাৰ চেষ্টা; ৰাভাৰ সংগ্ৰামী সত্তাক হত্যা কৰি তেওঁক মাথো গানৰ মাষ্টৰ কৰি থোৱাৰ চেষ্টা! ৰাভাই বিচৰা সেই স্বাধীনতা— 'শোষণৰ পৰা স্বাধীনতা' সংবিধানৰ গণ্ডিত থাকি বিচাৰিলেও আজিও হয় তেওঁ দেশদ্ৰোহী! হয় বিষ্ণু ৰাভাই সংস্কৃতি কৰিছিল। কিন্তু আজি সকলোৱে কৈ থকাৰ দৰে মাত্ৰ সংস্কৃতি কৰা নাছিল; তেওঁ বিপ্লৱ কৰিছিল। 'জাতি-ধৰ্মহীন' শোষকৰ বিৰুদ্ধে কৃষক-বনুৱা, মুক্তিকামী জনতাৰ মুক্তিৰ হকে তেওঁ বিপ্লৱ কৰিছিল। প্ৰেম আৰু বিদ্ৰোহ আছিল ৰাভাৰ চিৰ লগৰী। স্বাৰ্থান্বেষী সকলে যিমানেই ৰাভাক আকৌ বাৰে বাৰে হত্যাৰ চেষ্টা নকৰক কিয়, আজিও ক'ৰবাত উমি উমি জ্বলি আছে সেই বিপ্লৱী প্ৰাণ! কোনোবা দিনা হ'ব জ্যোতিষ্মান! এতিয়াও ৰিণিকি ৰিণিকি শুনি আছো আহি আছে এটা মিছিল— "আমি বিপ্লৱ পথলৈ আগুৱাওঁ বিপ্লৱ পথৰে যাত্ৰী আমি সৰ্বহাৰাৰ মুক্তিকামী"

: আব্বে বিষ্ণু ৰাভাই চুইচাইড কৰি থকা ফাৰ্মাৰ কেইটা আৰু টি-গাৰ্ডেনৰ লেবাৰ কেইটাৰ কাৰণেহে বিপ্লৱ কৰিছিল, আমাৰ কাৰণে কৰা নাছিল বে!
: তিনিওটাকে ফিউজন কৰি ল'লে কিন্তু মজ্জা হ'ব বে!
: আব্বে চাচপেন্স নিদিবি বা%#। কি জল্দি ক!
: ৰেড ষ্টাৰ থকা চে কেপ, মুখত ভাঙৰ মষ্ট চিগাৰ, বাহুত বব মাৰ্লেৰ টেটু আৰু হাতত ৰাভাৰ ষ্টেনগান!
: কে#% তোৰ আইডিয়া কৈ দিছো কিন্তু! ঝাক্কাচ লাগিব বে!!!

(ফটোখন "বৌদ্ধিক বিচাৰ" ই-আলোচনীৰ পৰা লোৱা হৈছে। শিল্পীঃ Rituparna Bora)

No comments:

Post a Comment