Tuesday, July 3, 2018

মই হ'ব খোজো তোমাৰ ভেলেণ্টাইন

মই হ'ব খোজো তোমাৰ ভেলেণ্টাইন
মোৰো প্ৰিয় ফাগুন তোমাৰ দৰেই
সন্ধিয়াৰ ধূলিয়ৰি বাটতো বিচাৰি লওঁ
পছোৱাৰ চঞ্চল আকুলতা
তুমি নজনাকৈয়ে ফাগুনৰ উদাসীনতাৰো
মই আজন্ম প্ৰেমিকা

মই হ'ব খোজো তোমাৰ ভেলেণ্টাইন
ভাল পাঁও হেমন্তৰ বুকুত নিয়ৰৰ ৰুণজুন নুপূৰ
হেমন্তৰ হালধীয়া সৰাপাতত লিখো মই
বুকুৰ অযুত সেউজীয়া সপোন

তুমি বিচৰাৰ দৰেই
ৰঙা গোলাপ প্ৰিয় নহ'লেও
মোৰ বুকুতো ফুলি আছে এপাহ জুইফুল
জানো, কলিজাৰ এটুকুৰা কেঁচা ঘা ৰঙা চাহৰ ইতিহাস
বুকুৰ তেজেৰে আঁচুফুল নাবাচিলেও
যাচিব পাৰিম তোমাক হেঁপাহৰ বুটাবচা
তোমাৰ খোজত খোজ মিলাই
চামিল হ'ব পাৰিম ৰঙা পতাকাৰ মিচিলত
য'ত প্ৰতিধ্বনিত হয় অগণন লাল চালাম

মই হ'ব খোজো তোমাৰ ভেলেণ্টাইন
তোমাৰ দৰেই সপোন দেখো
এদিন পুৱা উদয় হ'ব এক তেজৰঙা সূৰ্য্য
যাৰ জিলমিল পোহৰে গাব মানুহৰ মুকুতিৰ জয়গান!!

No comments:

Post a Comment