Thursday, January 8, 2015

কৈশোৰৰ চুপাৰ হিৰ' দস্যু ভাস্কৰ আৰু অন্যান্য

কৈশোৰৰ চুপাৰ হিৰ' দস্যু ভাস্কৰ আৰু অন্যান্য
_____________________
"দস্যু ভাস্কৰ" - নামটো শুনিলে এতিয়াও শিহৰিত হৈ উঠো। সমাজ বিৰোধী সকলৰ বিৰুদ্ধে দস্যু ভাস্কৰৰ সেই শিহৰণকাৰী অভিযানবোৰ সঁচাই অভিনৱ আছিল! হাইস্কুলত পঢ়াৰ দিনত ঘৰৰ পুৰণা কিতাপৰ বাকচ খোঁচৰোতে পাইছিলো "দস্যু ভাস্কৰ" চিৰিজৰ দুখনমান কিতাপ। প্ৰথমবাৰৰ বাবে পঢ়িছিলো "দস্যু ভাস্কৰ"। তাৰপাছত দস্যু ভাস্কৰৰ কিতাপ বিচাৰি চলাথ কৰিছিলো, কিন্তু পোৱা নাছিলো। ২০০৪-০৫ চনত HS পঢ়িবলৈ গোলাঘাট আহিলো। মাহেকীয়া খৰচৰ পইচা বচাই প্ৰায়ে দুই-এখন কিতাপ কিনিছিলো আৰু নগৰ কিতাপ দোকান কেইখনত প্ৰায়ে পাক মৰাটো মোৰ অভ্যাসত পৰিণত হৈছিল। পইচা নাথাকিলে কিতাপবিলা চায়ে লোভ সামৰিছিলো। তেনেদৰে চাই ফুৰোতেই এদিন গোলাঘাট নগৰৰ মাজমজীয়াৰ "জ্যোতি পুস্তক মন্দিৰ"ৰ এচুকত দেখিলো কেইখনমান সৰু সৰু
পুৰণা কিতাপ! ভালদৰে চাই দেখিলো সেয়া দেখোন মই ইমান দিনে বিচাৰি ফুৰা "দস্যু ভাস্কৰ চিৰিজ"! লগে লগে দুখনমান কিনি ল'লো আৰু ৰুমত আহি গোগ্ৰাসে গিলিছিলো। তাৰপাছৰ পৰা প্ৰত্যেক মাহতে যেনেতেনে পইচা বচাই
দুই-এখন কিনিছিলো। দস্যু ভাস্কৰ চিৰিজৰ মই কিনা কিতাপবিলাক ১৯৯৩ চনত পুনৰমুদ্ৰিত আছিল। এতিয়া পিছে সেই আটাইবিলাক কিতাপ নাই! কোনোবাই কোনোবাই পঢ়িবলৈ নি ঘুৰাই নিদিলে। মোৰ "দস্যু ভাস্কৰ চিৰিজ"ৰ আটাইখিনি কিতাপ সংগ্ৰহ কৰাৰ ইচ্ছা আছে।

"দস্যু ভাস্কৰ"ৰ বিষয়ে এইখিনি লিখাৰ মূলতে হ'ল মৃণাল দাই কেইদিনমান আগতে এই সম্পৰ্কে দিয়া কেইটামান আপডেট! আপডেট কেইটা পঢ়ি মনত পৰি গ'ল কৈশোৰ কালৰ সেই হিৰ' জনলৈ। পুৰণা কিতাপৰ বাকচ খুলি দস্যু ভাস্কৰৰ কিতাপ উলিয়াই আকৌ পঢ়িলো। যোৱা ২৬-১০-২০১৩ তাৰিখে DY365ত মৃণাল দাৰ 'প্ৰসংগ্ৰমে' অনুষ্ঠানত "দস্যু ভাস্কৰ"ৰ বিষয়ে কৰা আলোচনা চায়, তাত উপস্থিত সকলৰ এই সম্পৰ্কীয় অতীত ৰোমন্থনৰ কথাবিলাক শুনি নষ্টালজিক হৈ পৰিলো। সকলোৰে কৈশোৰৰ হিৰ' আছিল এই "দস্যু ভাস্কৰ"! দস্যু ভাস্কৰ আজি হেৰাই যোৱাৰ উপক্ৰম হৈছে, ৰংমন ওৰফে ৰবিন দেক সকলোৱে পাহৰি গৈছে। ৰবিন দেক প্ৰাপ্য স্বীকৃতিৰ পৰা আজিও বঞ্চিত কৰি ৰখা হ'ল। ওপৰত উল্লেখিত অনুষ্ঠানতে অৰিন্দম বৰকটকীয়ে কৈছিল যে ৰবিন দেক সেই সময়ৰ ৰাছিয়ান ইণ্টেলিজেণ্সৰ লগত জড়িত বুলি সন্দেহ কৰা হৈছিল আৰু সেই বাবেই তেওঁক প্ৰৰোচনামূলক ভাৱে উপেক্ষা কৰা হৈছিল। কিন্তু সেইবিলাক যিয়ে নহওঁক আমাৰ অসমত এনেধৰণৰ সাহিত্যক আৰু লেখক সকলক সদায়ে উপেক্ষা কৰা হয়। "এইবিলাক ৰহস্যধৰ্মী, সৰু ল'ৰা-ছোৱালীৰ কিতাপ বুলি উপেক্য়া কৰা হয়। .কিন্তু স্পাইদাৰমেন, চুপাৰমেন আদি বিদেশী কমিক হিৰ'বোৰ যদি সৰ্বগ্ৰহণযোগ্য আৰু ল'ৰা-বুঢ়া সকলোৰে মাজত জনপ্ৰিয় হ'ব পাৰে তেন্তে আমাৰ "দস্যু ভাস্কৰ"ক কিয় গ্ৰহণ কৰিব নোৱাৰিব! পুৰণা কিতাপৰ বাকচত দস্যু ভাস্কৰৰ লগতে তেনেধৰণৰ আৰু কেইখনমান কিতাপ পালোঃ দস্যুৰাণী বিজুলী, লেখক ঋতুৰজ; নিশাচৰ চিৰিজ, লেখক শংকৰ আৰু বহ্নিমান ৰোমাণ্স মালা, লেখক অভিজিত। ইয়াৰে পাছৰ দুটা চিৰিজ আমাৰ গোলাঘাটৰ পৰাই প্ৰকাশিত। তেনেধৰণৰ আৰু এটা চিৰিজ পঢ়া মনত পৰেঃ প্ৰেমনাৰায়ণৰ পা-ফু। এইটো চিৰিজো খুবসম্ভব গোলাঘাটৰ পৰাই প্ৰকাশ পাইছিল। অসমীয়া সাহিত্যৰ এক বিশেষ অংশ এই চিৰিজ বিলাক আজি বিলুপ্তিৰ পথত, লেখক সকল বিস্মৃতিৰ গৰ্ভত। সময় থাকোতেই এই কিতাপ বিলাক পুনৰ মুদ্ৰণ, ডিজিটেল আৰ্কাইভ বা অন্য উপায়েৰে সংৰক্ষণ কৰিবৰ হ'ল আৰু লেখক সকলক পলমকৈ হ'লেও তেওঁলোকৰ প্ৰাপ্য স্বীকৃতি প্ৰদান কৰা উচিত। এই ক্ষেত্ৰত মৃণাল দাই লোৱা পদক্ষেপে আশাৰ সঞ্চাৰ কৰিছে। দস্যু ভাস্কৰ বা অন্যান্য চিৰিজৰ গুণগ্ৰাহী সকলো আগবাঢ়ি আহক।


28 Oct, 2013

10 comments:

  1. মই নাজানো কথাটো আপুনি ইতিমধ্যে গম পাইছে নে নাই, কিন্তু যদিহে এতিয়ালৈকে গম পোৱা নাই তেতিয়াহলে এইটো আপোনাৰ বাবে সুখবৰ হব। দস্যু ভাস্কৰ আৰু পাফু, এই দুটা চিৰিজ পুনৰবাৰ ছপা হবলৈ আৰম্ভ হৈছে। মূল্যও প্ৰতিখন কিতাপত বৰ বেছি নহয়। মই 30 টকাকৈ দিলো। যদিহে আপোনাক ইয়াৰ বিষয়ে কিবা আৰু খবৰ লাগে অনুগ্ৰহ কৰি জনাব। মই বিক্রেতাজনৰ নাম আৰু মোবাইল নম্বৰ আপোনাক দি দিম। আপুনি যদি খবৰখিনি বিচাৰে, মোক মোৰ ইমেইল যোগেদিও contact কৰিব পাৰে- jb.dead.angel@gmail.com

    ReplyDelete
    Replies
    1. aponar contact number to dibosun

      Delete
    2. অনুগ্ৰহ কৰি দস্যু ভাস্কৰ চিৰিজ অনলাইন যোগে ক'ত পোৱা যাব জনাবচোন। মোৰ ইমেইল হৈছে - prankrishnat@googlemail.com

      Delete
  2. যদি পাৰে মোকো contact নাম্বাৰ টু দিবচোন
    মোৰ ইমেইল id টু দিছোঁ
    prabin.sarmah@gmail.com

    ReplyDelete
  3. হয়। দস্যু ভাস্কৰ চিৰিজ মোৰ প্ৰিয়। গোটেই চিৰিজটোৱে মোৰ ওচৰত আছে। এতিয়াও মাজে মাজে পঢ়ো। পৰিৱেশ-পৰিস্থিতি চিৰণত ৰংমনৰ সমকক্ষ অসমীয়া সাহিত্যিক ওলাইছে বুলি মই নাভাবো।

    ReplyDelete
  4. চিৰণত ৰ সলনি চিত্ৰণ হ'ফ লাগিছিল।

    ReplyDelete
  5. দস্যু ভাস্কৰ চিৰিজ পঢ়িছিলো ১৯৮০ চনমানত,।
    গোটেইকেইখন নাপালো। এতিয়াও প্ৰায়ে মনত পৰে।
    সেইকেইখনে আমাৰ জীবনত বহুত সহায় কৰিছে।

    ReplyDelete
  6. ক'ত বিচাৰি পাম জনাবছোন। মেইল আই ডি: humanjyoti2@gmail.com

    ReplyDelete
  7. দস্যু ভাস্কৰ আৰু দস্যুৰাণী বিজুলীৰ চিৰিজকেইটাৰ কেইটামান খণ্ড সৰু থাকোঁতে পঢ়িছিলো ৷ খুব মনোগ্ৰাহী আছিল ৷ এতিয়া চিৰিজকেইটা ক'ৰবাত পোৱা যায় যদি অনুগ্ৰহ কৰি মোক জনাব ৷ যোগাযোগ bijit666@yahoo.co.in

    ReplyDelete