আজি
অসম-নাগালেণ্ড সীমান্তৰ সন্ত্ৰাসজৰ্জৰ উৰিয়ামঘাট গৈছিলো। আশ্ৰয় শিবিৰত
থকা সকলৰ অৱস্থা দেখি বাকৰুদ্ধ হৈ পৰিলো। কিছু চাউল, চিৰা, অলপ কাপোৰ দিলো এ
আই এছ এফৰ হৈ।কিন্তু সেয়া এপাচি শাকত মাথো এটা জালুক। পাঁচটা আশ্ৰয়
শিবিৰলৈ গ'লো। তাৰে এটা শিবিৰলৈ সোমাই যাওঁতে এইগৰাকী মহিলাই আগবাঢ়ি আহি
সুধিলেঃ কিয় আহিছে? আমাক খেদিবলৈ আহিছে নেকি? মই হতভম্ব হৈ পৰিলো। ক'লোঃ
নহয়, নহয়! আমি আপোনালোকৰ খবৰ কৰিবলৈহে আহিছো।
তেতিয়া তেওঁ কৈ গ'ল তেওঁলোকৰ দুখৰ কথা। তেওঁ আছিল নগাই প্ৰথম সন্ত্ৰাস
আৰম্ভ কৰা চেতিয়া গাঁওৰ বাসিন্দা। ক'লে কেনেদৰে চি আৰ পি এফৰ সন্মুখতে নগা
কামাণ্ডেন্টৰ সহযোগত এন এছ চি এনে তেওঁলোকক লক্ষ্য কৰি গুলি চলাইছিল,
তেওঁলোকৰ ঘৰ জ্বলাইছিল।তেওঁ ক'লেঃ আমি এতিয়া কি কৰিম। জীৱনটো হাতৰ মুঠিত
লৈ পলাই আহিলো। এই অৱস্থাত গাঁৱলৈ কেনেকৈ ঘুৰি যাম? আজি আপোনালোক আহিছে,
সকলোৱে ভাত-কাপোৰ দিছে। কিন্তু কেইদিন দিব? সদায়তো দিব নোৱাৰে! ক'ত থাকিম,
কি খাম, আমাৰ ল'ৰা-ছোৱালীৰ ভৱিষ্যত কি হ'ব বুলি মানুহগৰাকীয়ে চকুপানী
টুকিলে। সান্তনা দিবলৈ মোৰ মুখত ভাষা নাছিল। তেওঁ আকৌ ক'লেঃ আজি
মুখ্যমন্ত্ৰী আহিলে। পাঁচ মিনিটো নৰ'লে আমাৰ ওচৰত। সেয়ে ৰাইজৰ খং উঠিল আৰু
তেওঁৰ এই অৱস্থা হ'ল। তেওঁ আমাক একো দিব নালাগে। মাত্ৰ মাত এষাৰ দিয়ক।
সেয়াই আমাৰ বাবে সান্তনা, সেয়াই আমাৰ বাবে আশা! নিৰাপত্তা দিয়াটো পাছৰ
কথা তেওঁ যদি আমাক এইকন সান্তনা-আশা দিব নোৱাৰে, তেন্তে আমাক লাইন পাতি
গুলিয়াই মাৰি পেলাওক। মানুহগৰাকীৰ এই কথা শুনি দুচকু পানীৰে ভৰি পৰিল। কি
ক'ম ভাবি নাপালো। আমি আছো আপোনালোকৰ লগত। সকলো ঠিক হৈ যাব বুলি কৈ তেওঁৰ
ওচৰৰ পৰা পলাই আহিলো।
18 Aug, 2014
18 Aug, 2014
No comments:
Post a Comment