Tuesday, December 18, 2012

বাতৰি

 বাতৰি

তুমি আহিবা
তুমি আহিবা

খবৰ দি গ'ল জোনাকে আহি
খবৰ বিয়পি গ'ল
খবৰ বিয়পি গ'ল সমগ্র আকাশ জুৰি
সজীৱ হ'ল পথাৰবোৰ
অংকুৰিত হ'ল বীজবোৰ
নদীয়েদি বৈ গ'ল খবৰ
আকাশত উৰি গ'ল খবৰ

তুমি আহিবা
খবৰ শুনি চহৰ খনে
সলালে সাজ
এজাক বৰষুণে আহি
ধুই নিলে সকলো অৱসাদ
তুমি অহাৰ বাটত খিলখিলাই উঠিল
সোণাৰুৰ হালধীয়া হাঁহি
বতাহত বাজি উঠিল গান
ফুলি উঠিল বুকুৰ ফুল
গাৰুৰ তলৰ সপোনবোৰো
জাগি উঠিল
সমগ্র দেহৰ কোষে কোষে
বিয়পি গ'ল খবৰ

তুমি আহিবা
তুমি আহিবা

No comments:

Post a Comment