Tuesday, December 18, 2012

তুমি আহিবা বুলি

তুমি আহিবা বুলি

অলপ আগলৈকে
আকাশ উপচি আছিল
যেনি- তেনি সিঁচৰিত হৈ আছিল
মেঘবোৰ
এতিয়া মেঘবোৰ নাই
এতিয়া আকাশ
ঠিক সাগৰৰ দৰে
নাই মাথো চঞ্চলতা

ঠিক যেন মোৰ দাম্ভিকতা
তুমি আহিবা বুলিয়ে
আকাশৰ এই গাম্ভিৰ্যতা

বিতোপন গগৈ
২৫।১১।২০১২

No comments:

Post a Comment