Friday, December 21, 2012

শূন্যতা

শূন্যতা

একোকে ভাল নালাগে আজিকালি
হৃদয়ত ফুলি থকা ৰঙীন কৃষ্ণচূড়া
ৰঙহীন হৈ গ'ল
ভাল নলগা হ'ল চাৰিআলিৰ আড্ডা
জোনাকৰ বৰষুণ
অথবা সুমঠিৰাবুলীয়া আবেলি
চিগাৰেটৰ ধোঁৱাৰ লগত
উৰি গ'ল সকলো মাদকতা
সকলো ফালে মাথো
শূন্যতা শূন্যতা শূন্যতা

২০/০৯/২০১০

No comments:

Post a Comment