Friday, December 21, 2012

আঘোণীয়া চিন্তা

আঘোণীয়া চিন্তা

আঘোণীয়া বৰষুণজাকে
বৰ আমনি কৰিছে
ধানবোৰ পথাৰতে তিয়ালে
পোনাকনৰ মাকৰ অই
নকৈছিলোনে -
বাপুৰ মাক আৰু
শাওনী পেহীক মাতি
দাই পেলা সোনকালে
পথাৰ ডৰা

বছৰটোলৈ সাঁচতীয়া ধানকেইটা
পথাৰতে গাপ লাগিলে
ঘূৰি বছৰটো কেনেকৈ কটাবি
জগতৰ দোকানত কেনেকৈ বিছাৰিম
নিমখ - তেল
ধান দিম বুলি কৈ

ধান এমোন বেচি
এইবাৰ পোনাকনকো
ইস্কুললৈ পঠাম বুলি ভাবি থৈছো
যোগেন চাৰে কৈছে -
তেওঁ  হেনো তাক
বিগগিয়ানী কৰাৰ সপোন দেখে

সেয়েহে কৈছো অ' পোনাকনৰ মাক
যেনে - তেনে আজিয়ে দাই দে
পথাৰ ডৰা
ৰঘু কাইৰ সৈতে
আনি থওঁ ঘৰলে ডাঙৰী কেইটা
উৰুখা হ'লেও
চালখনে অলপতো বচাব
আপদীয়া বৰষুণ জাকৰ পৰা

No comments:

Post a Comment