Tuesday, December 18, 2012

চিৰ বিপ্লৱী কলাগুৰু বিষ্ণু প্রসাদ ৰাভাৰ সম্পৰ্কে সপ্তম আৰু নবম শ্রেণীত পঢ়াৰ সময়ত মই লিখা দুটা কবিতা।

চিৰ বিপ্লৱী কলাগুৰু বিষ্ণু প্রসাদ ৰাভাৰ সম্পৰ্কে সপ্তম আৰু নবম শ্রেণীত পঢ়াৰ সময়ত মই লিখা দুটা কবিতা।

শিৰোনামাত বিষ্ণু ৰাভা

তোমাক যে সুধিছিল বীৰেন্দ্র কুমাৰ ভট্টই
"বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি"!
তুমি উত্তৰ দিলাহেঁতেন নিশ্চয়-
এতিয়া মাজৰাতি
পুৱতি নিশালৈ আৰু বেছিপৰ নাই
তাৰ পাছত হ'ব পুৱা
অসমৰ বুকুত উদয় হ'ব
এক নতুন সূৰ্য
অসম হ'ব ধনতন্ত্রবাদ
পুঁজীবাদৰ পৰা মুক্ত।

কিন্তু হাঁয়,নিয়তিৰ যে কি পৰিহাস
পুৱতি নিশাই লৈ গ'ল তোমাক
অসমৰ উমাল বুকুৰ পৰা
বাট চাই আছো আমি
প্রীতি আৰু সমগ্র অসমে
তুমি ঘূৰি আহিবা
উদ্ধাৰিবা অসমক
পুঁজীবাদ ধনতন্ত্রবাদৰ পৰা।

চিফুং বাঁহীত আজিও বাজে
কৰুণ সুৰ
আজিও বড়ো গাভৰুৰ
নাচোনৰ তাল ভাগে
কাৰণ
অসমত আজিও
পুৱা হোৱা নাই
তুমি যে নাই...

    বিতোপন গগৈ
    সপ্তম শ্রেণী।


বিপ্লৱৰ আভা

বিপ্লৱৰ আভা সনা এটি জীৱন
হেৰাল 'অতীত অসম'ত
বিপ্লৱৰ ঔৰসত জন্মা
কমৰেড আজি নিস্তব্ধ
কোনে কয়-
'বিষ্ণু ৰাভা আজি নাই'
তুমি আছা আমাৰ বুকুৰ মাজত
বুকুত হাত দিলে শুনো
তোমাৰ মাত-
'বিপ্লৱ পথৰে যাত্রী আমি'
ক'ত যে হেৰাই গ'ল
তোমাৰ সমাজতন্ত্র
কমিউনিষ্ট ৰাভা
আজি তোমাৰ নামত
খালো আমি শপত
নাপাহঁৰো তোমাৰ বিপ্লৱৰ আভা
তুমি আমাৰ বিষ্ণু ৰাভা।

    বিতোপন গগৈ
    নবম শ্রেণী।

3 comments: